ঘোষণা কৰা হ'ল অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল


 

আজি কিছুসময় পূৰ্বে ঘোষণা কৰা হ'ল অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল। ২০২০ বৰ্ষৰ WP (C) নং ৫১৬৯ ৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২১/১০/২০২২ তাৰিখৰ নিৰ্দেশ আৰু কিছু আবেদন মানি আজি ২১ অক্টোবৰত অসম চৰকাৰৰ অসম অসামৰিক সেৱা, আৰক্ষী সেৱা, কৰ অধীক্ষককে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হয়।


উল্লেখযোগ্য যে, উক্ত সেৱাসমূহৰ বাবে মূল পৰীক্ষাৰ পৰা উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ মাজত আয়োগে চৰকাৰৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা বিশেষজ্ঞসকলৰ সহযোগত ২৬ মে', ২০২২ ৰ পৰা ৪ জুন, ২০২২ লৈকে ব্যক্তিগত সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল। ২০২২ বৰ্ষৰ ৬ জুন তাৰিখেই চূড়ান্ত কৰা ফলাফলত আয়োগে অনুমোদন জনাইছিল।

অসম লোকসেৱা আয়োগৰ আজি ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল অসম চৰকাৰৰ ৩৩১ টা গুৰুত্বপূৰ্ণ পদবীৰ বাবে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, এই ফলাফলত অসম অসামৰিক সেৱাৰ বাবে ১২১ জন, অসম আৰক্ষী সেৱাৰ বাবে ৬৯ জন, কৰ অধীক্ষক ৬ জন, জিলা পৰিবহণ বিষয়া ৫ জন, শ্ৰম পৰিদৰ্শক ১৮ জন, কৰ পৰিদৰ্শক ২৭ জন, আবকাৰী পৰিদৰ্শক ৭ জন, খণ্ড উন্নয়ন বিষয়া ৩৩ জন, সহকাৰী নিয়োগ বিষয়া ৪ জন, উপ-পঞ্জীয়ক ৩১ জন, সহকাৰী উদ্যোগ পৰিবন্ধক ১০ জনক নিযুক্তি দিয়া হৈছে।

Post a Comment

Previous Post Next Post