সুৰা বিক্ৰীৰে অভিলেখ গঢ়িলে গুৱাহাটীয়ে। পূজাৰ তিনি দিনত গুৱাহাটীত বিক্ৰী হ'ল ১৭ কোটি টকাৰ সুৰা। ইয়াৰে ষষ্ঠীৰ দিনা আটাইতকৈ বেছি সুৰা বিক্ৰী হয়। হিচাপ অনুসৰি ৬.৭৫ কোটি টকাৰ সুৰা বিক্ৰী কৰা হয় এই দিনটোত।
পূজাৰ বাবে দুটা দিন ড্ৰাই ডে' ঘোষণা কৰাত বন্ধ আছিল সুৰাৰ দোকান। কিন্তু তাৰ পিছতো সুৰা বিক্ৰীৰে অভিলেখ ৰচে গুৱাহাটীয়ে।
এই কথাই প্ৰতীয়মাণ কৰে পূজাৰ সময়ত কিদৰে বৃদ্ধি পাইছিল সুৰাপায়ীৰ সংখ্যা। গুৰুত্বপূৰ্ণভাৱে পূজাৰ সময়ত পথ দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী চিকিত্সা মহাবিদ্যায়ল হাস্পতালত চিকিৎসাধীন হৈছিল ৩৬৮গৰাকী লোক।
