প্ৰথম দেৱদাস খ্যাত প্ৰমথেশ চন্দ্ৰ বৰুৱা আৰু গোৱালপৰীয়া লোক সংগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগীত সাধনাৰ পীঠস্থান



 ভাৰতীয় চিনেমা জগতৰ প্ৰথম দেৱদাস খ্যাত প্ৰমথেশ চন্দ্ৰ বৰুৱা আৰু গোৱালপৰীয়া লোক সংগীতৰ সাম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগীত সাধনাৰ পীঠস্থান গৌৰীপুৰ মাটিৱাবাগৰ ‘‘হাৱা মহল’’' আৰু শিল্পীগৰাকীৰ সাংস্কৃতিক অবদান সমূহক ঐতিহ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ৰাজ্যিক কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত।


ভাৰতীয় চিনেমা জগতৰ প্ৰথম দেৱদাস খ্যাত প্ৰমথেশ চন্দ্ৰ বৰুৱা আৰু গোৱালপৰীয়া লোক সংগীতৰ সাম্ৰাজ্ঞী, পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ ধুবুৰী জিলাৰ গৌৰীপুৰ সমীপৰ মাটিৱাবোগৰ ‘‘হাৱা মহল’’' আৰু শিল্পীগৰাকীৰ সাংস্কৃতিক অবদান সমূহক ঐতিহ্য কেন্দ্ৰ হিচাপে সংৰক্ষণ কৰাৰ বাবে শুক্ৰবাৰে ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্তক লৈ উৎফুল্লিত হৈ পৰিছে শিল্পীগৰাকীৰ অলেখ গুণমুগ্ধকে ধৰি সৰ্বসাধাৰণ ৰাইজ।
আশা কৰা হৈছে,  চৰকাৰৰ এই সিদ্ধান্তই অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু লোক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভুমিকা পালন কৰিব।
উল্লেখ্য যে,  শিল্পীগৰাকীৰ মৃত্যুৰ পিছত তেখেতৰ সংগীত সাধনাৰ পিঠস্থান মাটিয়াবগৰ "হাৱা মহল"ক এক সংগ্ৰহালয়ৰূপে স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তদানীন্তন চৰকাৰৰ  উপৰিও বিভিন্ন মহলে। পিছে   প্ৰদান কৰা সেই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত অসাৰ ৰূপেই প্ৰতিপন্ন হৈছিল। অৱশেষত দীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকত প্ৰয়াত শিল্পীগৰাকীৰ  জীৱন আৰু কীৰ্তি যুগমীয়া কৰাৰ উদ্দেশ্যে ১৫ কোটি ২০ লাখ টকা ব্যয়সাপেক্ষে এটা সংগ্রহালয় গঢ়ি তোলাৰ বাবে মাটিয়াবাগত ১২ বিঘা ৩ কঠা আৰু ১৮ লেচা মাটি অধিগ্রহণত অনুমোদন জনায়।

শিল্পীগৰাকীৰ  মৃত্যুৰ  প্ৰায় ২০ বছৰ পিছত  তেখেতৰ বহু অনুৰাগী আৰু ধুবুৰীকে ধৰি পশ্চিম অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া আশা  এতিয়া পূৰণ হোৱাৰ পথত। উল্লেখ্য যে,  গৌৰীপুৰ ৰাজপৰিয়ালৰ প্ৰভাত চন্দ্ৰ বৰুৱাই ১৯১৪ চনতেই গদাধৰ নৈৰ পাৰৰ  মাটিয়াবহ নামৰ সৰু টিলাৰ ওপৰত নিৰ্মাণ কৰিছিল এই ৰাজ-অট্টালিকা সদৃশ মহলটো৷ প্ৰথম মহাসমৰৰ সময়ত  ১৯০৪ চনতেই নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা মহলটোৰৰ নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ সময় লাগিছিল ১০ বছৰ৷ ৩ লাখ ৪০ হাজাৰ টকা ব্যায়েৰে  ক'লকাতাৰ "চায়না টাউন"ৰ পৰা অহা চাইনিজ মিস্ত্ৰীয়ে নিৰ্মাণ কৰি উলিওৱা এই মহলটোত হিন্দু, মোগল আৰু ব্ৰিটিছ স্থাপত্য ক’লাৰ উপাদান দেখা যায়৷

"হাৱা মহলক গৌৰীপুৰৰ ৰাজপৰিয়ালে মূলতঃ ৰাজ-অতিথিশালা তথা গ্ৰীষ্ম-আৱাসৰূপে ব্যৱহাৰ কৰিছিল৷ মহলটোত আছিল বিভিন্ন আপূৰূগীয়া তৈল চিত্ৰ, আলোকচিত্ৰ, বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰকে ধৰি অন্যান্য বহু ঐতিহাসিক মহত্বতা থকা বয়-বস্তু৷ কিন্তু সেই সামগ্ৰীবোৰৰ অধিকাংশই সংৰক্ষণৰ অভাৱত নষ্ট হৈ গৈছে৷ বৰ্তমানে মহলটোৰ "বিলিয়াৰ্ড ৰূমত কিছু সামগ্ৰী ৰখা হৈছে যদিও যথাযথ সংৰক্ষণৰ অভাৱত সেইবোৰৰ তথ্যবচ অৱস্থা৷ তদুপৰি এক বিশেষ ইতিহাসৰ সাক্ষী বহন কৰি ‘‘হাৱা মহল’’ৰ চৌহদত আছে বীৰ চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণৰ বৰতোপ এটাও। সেই বিশেষ ইতিহাস জীয়াই ৰখাৰ স্বাৰ্থত নামনি অসমৰ জমিদাৰী প্ৰথা তথা পুৰণি গোৱালপাৰা জিলাৰ ইতিহাসৰ সৈতে জড়িত থকা সেই সামগ্ৰীবোৰৰ সংৰক্ষণৰ প্ৰয়োজন থকা বুলি মত প্ৰকাশ কৰি অহা পোৱা গৈছিল বহুতেই।উল্লেখ্য যে, ১৯৫৭ চনত "মাহুত বন্ধু ৰে" বোলছবিখনৰ চিত্ৰায়ণ কৰাৰ বাবে পত্নী প্ৰিয়ম্বদা হাজৰিকাসহ 'হাৱা মহল'ৰ অতিথিশালাত প্ৰায় ডেৰ মাহ আছিল গণশিল্পী প্ৰয়াত ড৹ ভূপেন হাজৰিকা৷  প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ  কণ্ঠত "দেশী গান" শুনি মুগ্ধ হৈছিল প্ৰয়াত গণশিল্পীগৰাকীয়ে। তেতিয়াৰ পৰাই আৰম্ভ হৈছিল প্ৰয়াত সেই দুইগৰাকী কালজয়ী  শিল্পীৰ সংগীতময় যাত্ৰাৰ। ইয়াৰ উপৰিও উত্তম কুমাৰ অভিনিত বিচাৰক চিনেমা টম অল্টাৰ, সৌমিত্ৰ চট্টধ্যায়,মুনমুন সেন অভিনিত গজমুক্তাৰ দৰে বোলচবিৰ দৃশ্য গ্ৰহণ হৈছিল এই হাৱা মহলতে বুলি ৰাজ পৰিয়ালৰ সদস্য প্ৰবীৰ কুমাৰ বৰুৱাই জানিবলৈ দিয়ে।

Post a Comment

Previous Post Next Post