যোৰহাটৰ এটা স্থানত দ'ম হৈ থকা মৃতদেহে উদঙাই দিছে চৰকাৰী যন্ত্ৰটোৰ ফোপোলা স্বৰূপ। মাহ মাহ ধৰি পৰি ৰোৱা মৃতদেহসমূহৰ বাবে ভীষণ সমস্যাত পৰিব লগা হৈছে এটা বিভাগ। আপুনি জানি আচৰিত হ’ব যে মৃতদেহৰ বাবে সমস্যাৰ সৃষ্টি হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত।
দৰাচলতে জেএমচিএইচৰ মৰ্গত মাহ মাহ জুৰি অচিনাক্ত মৃতদেহ পৰি থকাটো এক নিয়মত পৰিণত হৈছে। ইয়াৰ ফলত সমস্যাত পৰিছে জেএমচিএইচ কৰ্তৃপক্ষ। শেহতীয়াকৈ জেএমচিএইচৰ মৰ্গত মাহজুৰি পৰি আছিল সাতটাকৈ অচিনাক্ত মৃতদেহ। ইয়াৰে দুটা মৃতদেহ লৈ যোৱা হ’ল যদিও বৰ্তমানো মৰ্গটোত আছে পাঁচটাকৈ মৃতদেহ। এমাহতকৈ অধিক সময় এই মৃতদেহসমূহ আছে মৰ্গৰ ভিতৰতে। দৰাচলতে এনে অচিনাক্ত মৃতদেহসমূহ সৎকাৰৰ বাবে যোৰহাট জিলা প্ৰশাসন, আৰক্ষী তথা যোৰহাট পৌৰসভা কোনেও পদক্ষেপ গ্ৰহণ নকৰাত মাহজুৰি মৰ্গৰ ভিতৰতে পৰি থাকে অচিনাক্ত মৃতদেহসমূহ। মৰ্গৰ চেম্বাৰসমূহ দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকাৰ ফলত সমস্যাত পৰিব লগা হৈছে জেএমচিএইচ কৰ্তৃপক্ষ।অচিনাক্ত মৃতদেহসমূহ সৎকাৰৰ বাবে প্ৰয়োজনীয় পুঁজিৰ অভাৱৰ বাবেই মাহজুৰি মৰ্গতে মৃতদেহসমূহ পেলাই থোৱা হয় বুলি ধাৰণা কৰা হৈছে। এইক্ষেত্ৰত যোৰহাট পৌৰসভাৰ দায়িত্ব আছে যদিও এই বিষয়টো আওকাণ কৰি আহিছে পৌৰসভা কৰ্তৃপক্ষই। চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ অচিনাক্ত মৃতদেহসমূহৰ সৎকাৰৰ বাবে দায়বদ্ধ নহয় বা তেওঁলোকৰ এনে কোনো ব্যৱস্থাও নাথাকে। আনহাতে আৰক্ষীৰ হাততো ইয়াৰ বাবে কোনো পুঁজি নাথাকে যদিও প্ৰায়ে তদন্তকাৰী বিষয়াগৰাকীয়ে নিজৰ জেপৰ ধন খৰচ কৰি এনে মৃতদেহসমূহৰ সৎকাৰৰ ব্যৱস্থা কৰে। জিলা প্ৰশাসনেও এই বিষয়টোত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহয়। আৰু সদৌ শেষত যোৰহাট পৌৰসভা কৰ্তৃপক্ষৰ গা এৰা মনোভাৱৰ বাবে এই অচিনাক্ত মৃতদেহসমূহৰ বাবে সমস্যাত পৰি আহিছে জেএমচিএইচ কৰ্তৃপক্ষ।
এই ঘটনাই যোৰহাটৰ চৰকাৰী বিভাগসমূহৰ মাজত থকা সমন্বয়হীনতাক পুনৰ উদঙাই দিছে। আনহাতে, এনে অচিনাক্ত মৃতদেহসমূহৰ সৎকাৰৰ ব্যৱস্থা কৰি সহায় আগবঢ়াবলৈ জেএমচিএইচৰ অধ্যক্ষই যোৰহাটত যদিহে তেনে কোনো এনজিঅ' আছে তেওঁলোকক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।
"আমাৰ মৰ্গত প্ৰায়ে মাহজুৰি অচিনাক্ত মৃতদেহ থাকে। বৰ্তমান বহুদিন ধৰি পাঁচটা মৃতদেহ আছে। ইয়াৰ ফলত মৰ্গৰ ঠাইসমূহ ভৰি থকাত নতুন মৃতদেহ আনিলে থবৰ বাবে বহু সমস্যা হয়। এই মৃতদেহসমূহ সৎকাৰৰ বাবে আমাৰ কোনো মেকানিজিম নাই। পুলিচ বা প্ৰশাসনৰ ওচৰতো এনে মৃতদেহসমূহৰ সৎকাৰৰ বাবে কিবা ফাণ্ড আছে যদিও মই নাজানো। সেয়েহে এই মৃতদেহসমূহৰ সৎকাৰৰ বাবে দায়িত্ব আছে পৌৰসভা কৰ্তৃপক্ষৰ।", জেএমচিএইচৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰে এনেদৰে কয়।