দেশৰ মহামহিম ৰাষ্ট্ৰপতি , প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্বত অসমৰ তনয়া ৷ দুচকুত অযুত সপোন লৈ সাকাৰ ৰূপ দিবলৈ সক্ষম হোৱা অসম মুলুকৰ চাৰি গৰাকী কন্যা ।
দিল্লী আৰক্ষীত নিযুক্তি লাভ কৰাৰ পিছত সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰি এতিয়া সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিছে চাৰিগৰাকীকৈ অসমৰ জীয়াৰীয়ে । কেতিয়াবা যদি দেশৰ সাংবিধানিক মুৰব্বীৰ লগত কেতিয়াবা প্ৰধানমন্ত্ৰী, কেতিয়াবা আকৌ গৃহমন্ত্ৰীৰ লগতে ভিভিআইপি ৰ নিৰপত্তাৰ দায়িত্বও বহন কৰিছে ৷ কিদৰে কৰ্তব্য সম্পাদন কৰিবলগীয়া হয় তেওঁলোকে। প্ৰতিনিয়ত সষ্টম হৈ থাকিবলগীয়া হয় তেওঁলোক ।২০১৯ বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ যুৱকযুৱতী সকলক উৎসাহিত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে অনুষ্ঠিত কৰিছিল পৰীক্ষাৰ । ইয়াৰে অসমৰ ৪১ গৰাকী যুৱতী আৰু প্ৰায় ৮৪ জন যুৱকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় ৷দিল্লী আৰক্ষীৰ বিশেষ বেটেলিয়নৰ পৰা বাছি উলিওৱা নিৰপত্তাৰ বিশেষ গোটত সেৱা আগবঢ়াবলৈ দায়িত্ব লাভ কৰিছে ৰাজ্যৰ চাৰিগৰাকীকৈ যুৱতীয়ে ৷
তেওঁলোক হৈছে ক্ৰমে শিৱসাগৰৰ কল্পনা দাস, সোনাপুৰৰ জ্যোতি বৰা আৰু ধেমাজিৰ দুই জীয়াৰী হেপী বুঢ়াগোঁহাই আৰু ইৰানী চুতীয়া । দিল্লী আৰক্ষীত নিযুক্তি পোৱাৰ পিছত ইটোৰ পিছত সিটো কঠোৰ অনুশীলনৰ জৰিয়তে নিজকে সাজু কৰি তুলিবলৈ সক্ষম হোৱা চাৰি যুৱতীয়ে শেহতীয়াকৈ দেশৰ ৰাষ্ট্ৰপতিৰ নিৰপত্তাৰ দায়িত্বও সম্পাদন কৰিছে ৷ দেশৰ ভিভিআইপিৰ হৈ সেৱা আগবঢ়াবলৈ সুযোগ লাভ কৰা ধেমাজিৰ দুই যুৱতী হেপী আৰু ইৰানীয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয় যে কঠোৰ অনুশীলন তথা নিয়মানুবৰ্তিতা বজাই ৰাখি নিজৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিব লাগিব । প্ৰশিক্ষণৰ সময়ত কেতিয়াবা ঘৰলৈ বৰকৈ মনত পৰে তথাপিও নিজৰ মনৰ দৃঢ়তা ৰাখিবই লাগিব। হেপাহৰ ঘৰখনৰ তথা পৰিয়ালৰ পৰা আতঁৰত থাকি বৰ্তমান দিল্লী আৰক্ষীত কৰ্মৰত হৈ থকা হেপী আৰু ইৰানীয়ে নৱ প্ৰজন্মক দেশ মাতৃৰ হৈ সেৱা আগবঢ়োৱাৰ বাবে ওলাই আহিবলৈ আহ্বান জনাই লগতে নিযুক্তি লাভ কৰিবৰ বাবে শাৰীৰিক অনুশীলন তথা লিখিত পৰীক্ষাৰ হেতু অধ্যয়ন কৰিবলৈ আহ্বান দুয়ো গৰাকীৰ।
