অৱশেষত পৃথিৱীৰ পৰা বিদায় ল’লে বাবিয়াই! বাবিয়া এটা ঘঁৰিয়াল, পৃথিৱীৰ হয়তো একমাত্ৰ ঘঁৰিয়াল যিয়ে আমিষ খাদ্য নাখাইছিল, তাৰ প্ৰিয় আছিল ভাত–দাইল! কেৰালাৰ কাছাৰগড় অঞ্চলৰ শ্ৰী আনন্দপদ্মনাভ মন্দিৰৰ পুখুৰীত আছিল বাবিয়া। মৃত্যুৰ সময়ত তাৰ বয়স হৈছিল ৭৫ বছৰ।
পৰ্যটকসকলৰ মাজতো নিৰামিষভোজী ঘঁৰিয়ালটোৰ প্ৰতি খুব আগ্ৰহ আছিল। কাছাৰগড় জিলাৰ অনন্তপুৰাত সেই মন্দিৰৈ যিয়ে যায়, এবাৰ হ’লেও বাবিয়াক চাবলৈ যায়। আচৰিত কথাটো হ’ল, ঘঁৰিয়ালটোৱে এই পুখুৰীত থকা এটা মাছো কোনোদিনে খোৱা নাই। স্থানীয় লোকসকলৰ বিশ্বাস, ঘঁৰিয়ালটো ভগৱানৰ দূত। সেয়ে তাক ভক্তি কৰে স্থানীয় লোকসকলে, মন্দিৰৰ পুৰোহিতসকলৰ সৈতেও ঘঁৰিয়ালটোৰ আছিল বন্ধুত্ব।
শান্ত স্বভাৱৰ বাবিয়াও কোনোদিনে কাকো আক্ৰমণ কৰা নাই। কিন্তু কেতিয়া সি সেই পুখুৰীটোত আশ্ৰয় লৈছিল, তাৰ নামকৰণ কোনে কৰিছিল, সেই বিষয়ে কোনো স্পষ্ট তথ্য নাই। স্থানীয় লোকসকলৰ মতে, ৭০ বছৰৰো অধিক সময় সেই মন্দিৰৰ পুখুৰীত আছে ঘঁৰিয়ালটো। ছচিয়েল মিডিয়াতো অতি জনপ্ৰিয় আছিল বাবিয়া।
জানিব পৰা মতে, দিনত দুবাৰ মন্দিৰৰ পুৰোহিতৰ হাতেৰে খাইছিল বাবিয়াই। ভাতৰ লাড়ু বনাই তাক খুৱাই দিছিল পুৰোহিতে। ১০০ শতাংশই নিৰামিষভোজী আছিল বাবিয়া।
জানিব পৰা মতে, দিনত দুবাৰ মন্দিৰৰ পুৰোহিতৰ হাতেৰে খাইছিল বাবিয়াই। ভাতৰ লাড়ু বনাই তাক খুৱাই দিছিল পুৰোহিতে। ১০০ শতাংশই নিৰামিষভোজী আছিল বাবিয়া।
Tags:
National