স্কিল কিটছ (Skill kits) নামৰ এটা কোম্পানী। এই কোম্পানীটোৱে ইউৰোপৰ (Europe)ৰ বিভিন্ন লেখকৰ কিতাপ Digitalize কৰে আৰু আপলোড কৰে বিভিন্ন অনলাইন মাধ্যমত। এই কামবোৰ কৰিবলৈ ভাৰতত স্কিল কিটছ নামৰ প্ৰতিষ্ঠানটোৱে ঠিকা লৈছিল।
প্ৰতিষ্ঠানটোৱে এই কাম কৰিবলৈ দায়িত্ব দিছিল কিছুমান থাৰ্ড পাৰ্টিক। ভাৰতৰ বিভিন্ন ৰাজ্যত কাৰ্যালয় খুলিছে স্কিল কিটছে। গুৱাহাটীৰ উলুবাৰীত কাৰ্যালয় খুলি বহু যুৱকক কিতাপসমূহ ডিজিটেলাইজ কৰাৰ বাবে ঠিকা দিছিল। কিন্তু প্ৰতিটো ঠিকাৰ বাবদ আগধন লৈছিল ৩ লাখ টকা ৷ কিতাপ স্কেনিঙৰ বাবে স্কেনাৰ মেচিন দিছিল ৩৫ হাজাৰ টকাৰে৷
প্ৰতিশ্ৰুতি দিছিল কাম সম্পূৰ্ণ কৰি দিল্লীৰ কাৰ্যালয়লৈ পঠিয়ালে সম্পূৰ্ণ বিল পৰিশোধ কৰা হ'ব। গুৱাহাটীৰ কাৰ্যালয় চলাইছিল সুধাংশু চৌহান নামৰ এজন লোকে। লগত আছিল কৌশিক বৈশ্য, ত্ৰিদীপ বৰুৱা, কামালুদ্দিন আলী আৰু বহুতো। ইতিমধ্যে আৰক্ষীয়ে কৌশিক বৈশ্যক নিশা গ্ৰেপ্তাৰ কৰিছে।
এই প্ৰৱঞ্চনাৰ মূল অভিযুক্ত কানাডা নিৱাসী দলবিন্দৰ সিং। প্ৰথমে কিতাপবোৰৰ হাৰ্ডকপি দিয়া হয় যুৱকসকলক। আৰু তাৰ পিছত তেওঁলোকক টকাৰ লোভ দেখুৱাই আত্মসাৎ কৰে কোটি কোটি টকা। এই মুহুতলৈ সমগ্ৰ অসমত ৫০০কোটি ৰ কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ।
এই কেলেকাৰীত নাম সাঙোৰ খাইছে বিদিশা দেৱী নামৰ এগৰাকী অভিনেত্ৰীৰো ৷ কিন্তু FIR কপিত নাম সাঙোৰ খোৱাৰ লগে লগে থানাত উপস্থিত হৈছিলহি বিদিশা ৷ বিদিশাৰ মতে তেওঁ কেৱল কৰ্মচাৰীহে আছিল, ভিতৰুৱা কথা একো গম পোৱা নাছিল ৷ কাৰ্যালয় এৰি বিষয়াসকল পলোৱাৰ কথাও অৱগত নহয় বুলি কয় বিদিশাই ৷
ভুক্তভোগীসকলক সহায় আগবঢ়াবৰ বাবে থানাত উপস্হিত হোৱা বুলি কয় বিদিশাই৷ ইপিনে নিজৰ প্ৰাপ্য ধন নোপোৱাত বৃহস্পতিবাৰে উলুবাৰীৰ কাৰ্যালয়ত উপস্থিত হয় শ শ যুৱক। কিন্তু ধন বিচাৰি অহাত গম পালে কাৰ্যালয়ত তলা লগাই skill kits ৰ সকলো বিষয়া কৰ্মচাৰীয়ে পলায়নৰ কথা। তাৰ পিছতে পল্টনবজাৰ থানত গোচৰ ৰুজু কৰিছে যুৱকসকলে। এতিয়া প্ৰশ্ন হয় সমগ্ৰ ভাৰতত থকা এই কোম্পানীটোৱে প্রৱঞ্চক নে গুৱাহাটীত skill kitsৰ নামত কোনো লোকে খুলিছিল ভুৱা কোম্পানী?
