চাৰিদিনীয়া ভ্ৰমণ সূচী লৈ অসম পালে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জে পি নাড্ডা


 

চাৰিদিনীয়া ভ্ৰমণ সূচী লৈ অসমলৈ আহিল বিজেপি ৰাষ্ট্ৰীয় সভাপতি আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা ৰাষ্ট্ৰীয় নেতা দুগৰাকীক বিমানবন্দৰত আদৰণি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।


অসমৰ কৃষ্টি–সংস্কৃতি প্ৰদৰ্শনেৰে আদৰণি জনোৱা হয় দুয়োগৰাকীক। বিমানবন্দৰত দুয়োগৰাকীক আদৰিবলৈ উপস্থিত আছিল মুখ্যমন্ত্ৰীৰ লগতে  আৰক্ষীৰ উচ্চ পদস্থ বিষয়া তথা বিজেপিৰ নেতৃবৰ্গ।

বিমানবন্দৰৰ পৰা গৃহমন্ত্ৰী আৰু বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা ৰাওনা হয় অসম প্ৰশাসনিয় পদাধিকাৰী মহাবিদ্যালয়লৈ। তাত বহুকেইখন দলীয় মিটিং আৰু মুখ্যমন্ত্ৰীৰ লগত বৈঠকত মিলিত হোৱাৰ পিছত  বিজেপিৰ কেন্দ্ৰীয় সভাপতি কইনাধৰালৈ ৰাওনা হয়।

Post a Comment

Previous Post Next Post