শিশুশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুক লৈ আপৰ সংবাদ মেল


 

শিশুশিল্পী তেজস্বিতা বৰুৱাৰ অকাল মৃত্যু সন্দৰ্ভত গণেশগুৰিস্থিত আপৰ কাৰ্যালয়ত দলটোৱে সংবাদমেল অনুষ্ঠিত কৰে। আপৰ নেতাৰ দাবী শিল্পীগৰাকীৰ মৃত্যু চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিৰ বাবে হোৱাটো সঁচা কথা।


দলটোৰ নেতাই প্ৰশ্ন উত্থাপন কৰে যে জিলা পৰ্যায়ৰ এখন চিকিৎসালয়ত অক্সিজেনৰ অভাৱ কেনেকৈ হ'ল বা কিয় পৰ্যাপ্ত চিকিৎসক নাছিল চিকিৎসালয়খনত।
যদি অক্সিজেন আছিলেই তেনেহ'লে কিয় মাস্কখন আঁতৰাই দিলে?

আপ নেতাৰ মতে, স্বাস্থ্য ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বিফল হৈছে। স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে অসমৰ জনতা আস্বস্ত হোৱাকৈ কাম কৰিবলৈ দাবী জনাই দলটোৱে প্ৰকাশ কৰে– অসমৰ চৰকাৰী চিকিৎসালয়লৈ যাবলৈ মানুহে আজিৰ দিনত ভয় কৰে।

অক্সিজেনৰ চিলিণ্ডাৰ অবিহনে জিলা চিকিৎসালয় কেনেকৈ পৰিচালিত হৈ আছে, তাৰ তদন্তৰো দাবী কৰে দলটোৱে।

Post a Comment

Previous Post Next Post