যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কেতবোৰ ঘটনাই সৰ্বসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জেএমচিএইচৰ অত্যাধুনিক সুবিধাযুক্ত নিউৰ' ছাৰ্জাৰি বিভাগটো ইতিমধ্যে বন্ধ হৈ পৰিছে । ৰেডিঅ'লজী বিভাগৰ আলট্ৰাছাউণ্ড মেচিন, চি টি স্কেন মেচিন প্ৰায়ে বিকল হৈ থাকে। ফলত দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ লোকসকলে। শেহতীয়াকৈ এই ঘটনাসমূহত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাটৰ বিধায়কগৰাকীয়েও ।
উল্লেখ্য, যোৰহাট তথা ইয়াৰ দাঁতিকাষৰীয়া জিলাকেইখনৰ ৰোগীসকললৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ে প্ৰশংসনীয় সেৱা আগবঢ়াই আহিছে। যোৰহাটৰ লগতে মাজুলী, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু নাগালেণ্ডৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোক প্ৰতি মাহত এই চিকিৎসালয়খনৰ পৰা উপকৃত হৈ আহিছে।
কিন্তু স্বাস্থ্য বিভাগৰ দ্বাৰা পৰিচালনাত থকা আসোঁৱাহৰ ফলত চিকিৎসালয়খনত সৃষ্টি হৈছে বহু সমস্যাৰ। প্ৰায় ১২ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা অত্যাধুনিক নিউৰ' ছাৰ্জাৰি বিভাগটো চিকিৎসকৰ অভাৱত বন্ধ হৈ পৰিছে। মূল চিকিৎসক দুগৰাকীয়ে চাকৰিৰ পৰা ইস্তাফা দিয়াৰ পিছত বিভাগটোত কেৱল বহিঃবিভাগৰ চিকিৎসা চলি আছিল যদিও বৰ্তমান চিকিৎসকৰ অভাৱত সেয়াও বন্ধ হৈ পৰিল।
উল্লেখ্য, জেএমচিএইচৰ এই বিভাগটো মগজুৰ জটিল অস্ত্ৰোপ্ৰচাৰৰ বাবে ষ্টেট অৱ দ্য আৰ্ট সুবিধাযুক্ত অত্যাধুনিক প্ৰযুক্তিৰে সমৃদ্ধ আছিল। আনহাতে জেএমচিএইচৰ ৰেডিঅ'লজী বিভাগত আলট্ৰাছাউণ্ড মেচিন তথা এম আৰ আই মেচিন বেয়া হৈ থকাটো এক নিয়মত পৰিণত হৈছে। ফলত আটাইতকৈ সমস্যাৰ সন্মুখীন হৈছে বহু আশা লৈ জেএমচিএইচলৈ অহা ৰোগীসকল।
এই সন্দৰ্ভত জেএমচিএইচৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰে কয়– "আমাৰ আলট্ৰাছাউণ্ড মেচিনসমূহ ১০–১১ বছৰ পুৰণি। সেয়েহে প্ৰায়ে মেৰামতিৰ প্ৰয়োজন হয়। বৰ্তমান এটা মেচিন ভালদৰে চলি আছে। সেইটোও প্ৰায় ছবছৰ পুৰণি। অচিৰেই আমি দুটা নতুন মেচিন চৰকাৰৰ তৰফৰ পৰা লাভ কৰিম আৰু এটা মেচিন আমি জেএমচিএইচৰ তৰফৰ পৰা ক্ৰয় কৰিম। এম আৰ আই আৰু চি টি স্কেন মেচিনকেইটাও বহু পুৰণি বাবে সমস্যা হৈ থাকে। চৰকাৰক এই বিষয়ে জনোৱা হৈছে আৰু আমি ভাবোঁ যে সোনকালেই চৰকাৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব। নিউৰ' ছাৰ্জাৰী বিভাগটোত অত্যাধুনিক সা-সুবিধা আছে আৰু বিশেষজ্ঞ চিকিৎসক আহিলেই আমি বিভাগটো ভালদৰে চলাব পাৰিম।"

আনহাতে, জেএমচিএইচৰ শেহতীয়া এই পৰিস্থিতিসমূহ দেখি উদ্বিগ্ন হৈ পৰিছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী। জেএমচিএইচৰ মেনেজমেন্টৰ কামত সন্তুষ্ট নহয় বুলি জানিবলৈ দি বিধায়কগৰাকীয়ে কয় যে তেওঁ এতিয়াৰে পৰা প্ৰতিমাহে জেএমচিএইচ কৰ্তৃপক্ষৰ সৈতে কাম-কাজসমূহৰ পৰ্যালোচনা কৰাত গুৰুত্ব আৰোপ কৰিছে। লগতে জেএমচিএইচৰ ওপৰত ৰোগীৰ হেঁচা হ্ৰাস কৰিবলৈ চিনামৰা চাহ বাগিচাত জিলা অসামৰিক চিকিৎসালয় স্থাপন কৰাত গুৰুত্ব আৰোপ কৰিছে হিতেন্দ্ৰ নাথ গোস্বামীয়ে।
জেএমচিএইচত আন্তঃগাঁথনিৰ সমস্যা দূৰ কৰি চিকিৎসকসকলক উপযুক্ত সুবিধা প্ৰদান কৰিলে সৰ্বসাধাৰণ লোকসকল উপকৃত হোৱাৰ লগতে অসমৰ স্বাস্থ্য খণ্ডত জেএমচিএইচে যে এক বিশেষ স্থান দখল কৰিব সেয়া নিশ্চিত। চৰকাৰৰ স্বাস্থ্য বিভাগে এইক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

Tags:
National