হাজোত খুলশালীয়েকৰ প্ৰহাৰত গুৰুতৰভাৱে ভিনিহীয়েক, দলে–বলে আহি আক্ৰমণ



 তীৰ্থনগৰী হাজোত ক্ৰমাৎ বৃদ্ধি পাইছে এটাৰ পাছত আনটো অপৰাধমূলক ঘটনা। শুকুৰবাৰে নিশা হাজোত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। খুলশালী আৰু ভতিজাকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে এজন লোক। আঘাতপ্ৰাপ্ত ভিনিয়েকে খুলশালী আৰু ভতিজাকৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰিছে এজাহাৰ। এই ঘটনা সংঘটিত হৈছে হাজোৰ বৰ্ণিৰ খলিহামাৰীত।


ঘটনা অনুসৰি, নজৰুল ইছলাম নামৰ এইজন লোকৰ কিছুদিন পূৰ্বে পত্নীৰ সৈতে কিবা ঘৰুৱা কথাক কেন্দ্ৰ কৰি হৈছিল কাজিয়া। যাৰ পৰিণতিত পত্নীয়ে নজৰুল ইছলামক এৰি গুছি গৈছিল নলবাৰী জিলাৰ গলদিঘলাৰ নিজৰ মাকৰ ঘৰলৈ। এসপ্তাহ পিছত বৃহস্পতিবাৰে পুনৰ স্বামীৰ গৃহলৈ উভতি আহে নজৰুলৰ পত্নী আফিয়া বিবি।

আফিয়াই স্বামী গৃহলৈ উভতি অহাৰ এদিন পিছতেই আশ্বৰ্যজনকভাবে হঠাতে শুকুৰবাৰে আফিয়াৰ বিবিৰ মাকৰ ঘৰৰ পৰা ৬ জনকৈ খুলশালী আৰু ৩জন ভতিজা নজৰুলৰ ঘৰত লাঠি, জোং লৈ উপস্থিত হয়। তাৰ পিছতে নজৰুলক উপৰ্যুপৰি প্ৰহাৰ কৰে তেওঁলোকে। লগতে লৈ যায় এক লাখ সাত হাজাৰ তিনিশ টকা। এই আক্ৰমণৰ ঘটনাত নজৰুলৰ পত্নী আফিয়া বিবিও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
এই খবৰ পাই স্থানীয় ৰাইজ নজৰুলৰ ঘৰত উপস্থিত হয় যদিও ঘটনাস্থলীৰ পৰা পৰাই সাৰে দুৰ্বৃত্তৰ দলটো। এই আক্ৰমণৰ ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত নজৰুল ইছলামে অৱশেষত তেজেৰে লুটুৰি–পুতুৰি অৱস্থাত হাজো আৰক্ষী থানাত উপস্থিত হৈ দাখিল কৰে এখন এজাহাৰ। লগতে হাজো সামূহিক স্বাস্থ্য কেন্দ্ৰত গ্ৰহণ কৰে চিকিৎসা।

Post a Comment

Previous Post Next Post