গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা বৰপেটালৈ লৈ যোৱা হ'ল বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰ দেহ

 


আজি  আবেলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰ দেহ পৰিয়ালৰ লোকসকলৰ লগত আলোচনামৰ্মে হস্পিতালৰ পৰা বৰপেটালৈ কিছুসময়ৰ পূৰ্বে লৈ যোৱা হয়। জানিব পৰা অনুসৰি, আজি নশ্বৰ দেহ সুন্দৰিদিয়া সত্ৰলৈ নিয়া হব আৰু আজি নিশা তাতে ৰখা হ'ব। কালি দিনটোত বৰপেটা সত্ৰত ৰখাৰ লগতে বৰপেটা চহৰখন পৰিভ্ৰমণ কৰাব।


জানিব পৰা মতে, বৰপেটা সত্ৰৰ ২০০ ৰো অধিক উপ শাখা সত্ৰসমূহে শ্ৰদ্ধাঞ্জলি জনাব বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰ দেহত।

উল্লেখযোগ্য যে, সোমবাৰে সত্ৰৰ নীতি নিয়ম অনুসৰি সত্ৰতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰিব।

আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম চৰকাৰৰ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৰ্তমান বৰপেটাত গৈ উপস্থিত হৈছে মন্ত্ৰী বিমল বৰা। শেষকৃত্য অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে আন আন কেইবাজনো মন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post