ৰাষ্ট্ৰীয় ক্ৰীড়াত উজলিছে অসমৰ খেলুৱৈ, অম্লান–মৃদুলে অৰ্জন কৰিলে স্বৰ্ণপদক



 ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ বাবে ভাল খবৰ। অসমৰ চাইক্লিষ্ট চয়নিকা গগৈয়ে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ দহ কিলোমিটাৰ শাখাত ৰূপৰ পদক লাভ কৰে। আনহাতে, পুৰুষৰ ১০০ মিটাৰত অসমৰ অম্লান বৰগোহাঁয়ে ১০:৩৮ ছেকেণ্ডেৰে স্বৰ্ণপদক অৰ্জন কৰে।


আনহাতে, গুজৰাটত অনুষ্ঠিত এই ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ ভাৰোত্তোলক পপী হাজৰিকাই ৫৯ কেজি শাখাত লাভ কৰে ৰূপৰ পদক। লনবলত মৃদুল বৰগোহাঁয়ে স্বৰ্ণপদক লাভ কৰাৰ উপৰি নয়নমণি শইকীয়াই ব্ৰঞ্জৰ পদক লাভ কৰে।

Post a Comment

Previous Post Next Post