শিৱসাগৰত আৰক্ষীৰ জালত তিনিটা চোৰ, লেপটপ চুৰি কৰি গ্ৰেপ্তাৰ



 শিৱসাগৰ স্বেচ্ছাসেৱী অনুষ্ঠান "খোজ"ৰ  কাৰ্যালয়ৰ পৰা শনিবাৰে নিশা চুৰি হোৱা লেপটপ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নগৰ উপ পৰিদৰ্শক বিশ্বজ্যোতি দুৱৰীৰ নেতৃত্বত চলোৱা অভিযানত লেপটপটো উদ্ধাৰ কৰাৰ লগতে তিনিটা চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।  আৰক্ষীয়ে লেপটপসহ নিকু কুমাৰ শ্বাহ, ৰাহুল খনিকৰ আৰু সুৰজ চাহুক গ্ৰেপ্তাৰ কৰে।


নগৰ উপ পৰিদৰ্শক বিশ্বজ্যোতি দুৱৰীয়ে সদৰি কৰা মতে নিশা এখন সৰু খিৰিকীৰে খোজৰ কাৰ্যালয়ত প্ৰৱেশ কৰি লেপটপটো চুৰি কৰাৰ পিছত নিকু কুমাৰ শ্বাহৰ দোকানত ৩ হেজাৰ টকাত বিক্ৰী কৰি দিছিল। লক্ষ্যণীয় যে পুৱা " খোজ"ৰ কাৰ্যালয় খোলাৰ পিছতে সাংবাদিক ৰাজেশ সিঙৰ লেপটপটো চুৰি হোৱাৰ কথা পোহৰলৈ আহে।  সদৰ থানাত ৰাজেশ সিঙে এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে কম সময়ৰ ভিতৰতে চুৰি সামগ্ৰী উদ্ধাৰৰ লগতে চোৰ কেইটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

বিশ্বজ্যোতি দুৱৰীৰ নেতৃত্বত আৰক্ষীয়ে কম সময়ৰ ভিতৰতে চোৰ কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে ৰাজেশ সিং তথা  " খোজ"ৰ কৰ্মকৰ্তা সকলে।

Post a Comment

Previous Post Next Post