নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিউজিলেণ্ড ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে। এন আই ডি ফাউণ্ডেচন আৰু ইণ্ডিয়ান উইকেণ্ডাৰে যৌথভাৱে আয়োজন কৰা কিৱি ইণ্ডিয়ান হল অৱ ফেম এৱাৰ্ডৰ অংশ হিচাপে অকলেণ্ডত অনুষ্ঠিত বিশ্ব সদ্ভাৱনা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এই আমন্ত্ৰণ পত্ৰ প্ৰদান কৰে।
এই অনুষ্ঠানত বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোদীৰ শাসন আৰ্হি আৰু সফল শাসনৰ ওপৰত আধাৰিত দুখন গ্ৰন্থও উন্মোচন কৰা হয়। মুখ্য অতিথি হিচাপে দিয়া ভাষণত প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নে কয়– "নিউজিলেণ্ড আৰু ভাৰতৰ মাজত বহুখিনি মিল আছে, দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী হৈ আহিছে আৰু আগন্তুক সময়ত পাৰস্পৰিক অংশীদাৰৰ সম্ভাৱনা আছে।''
তেওঁ প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনাই কয়, "যিখন পৃথিৱী ক্ৰমান্বয়ে অস্থিৰ হৈ পৰিছে, সেইখন পৃথিৱীত নিউজিলেণ্ড আৰু ভাৰতৰ মাজত বহুখিনি মিল আছে। দুয়োখন দেশেই আমাৰ গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতি গভীৰভাৱে সংপৃক্ত আৰু দুয়ো দেশে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সমৃদ্ধি বজাই ৰাখিবলৈ আগ্ৰহী।
প্ৰধানমন্ত্ৰী আৰ্ডানে লগতে উল্লেখ কৰে– ১৮৯০ চনত ভাৰতীয়সকলে ইয়াত বাস কৰিবলৈ আৰম্ভ কৰিছিল আৰু আজি নিউজিলেণ্ডৰ সৰ্ববৃহৎ জনগোষ্ঠীয় সম্প্ৰদায়, যিটো আমাৰ জনসংখ্যাৰ ৫ শতাংশ। হিন্দী নিউজিলেণ্ডৰ ৫ম সৰ্বাধিক কথিত ভাষা। নিউজিলেণ্ডৰ অগ্ৰগতিৰ ক্ষেত্ৰত ভাৰতীয়সকলৰ অৱদান প্ৰশংসনীয় হৈছে। তেওঁ ভাৰতীয় স্বাধীনতাৰ ৭৫ বছৰ স্মৰণ কৰি নিউজিলেণ্ড পোষ্টে এটা বিশেষ ডাকটিকট মুকলি কৰাৰ কথা জানিবলৈ দিয়ে।