কপাহেৰাৰ এটি প্ৰাচীন নামঘৰৰ মাটিৰ তলত উদ্ধাৰ হোৱা এখন শৰাইক লৈ চাঞ্চল্য


 

কপাহেৰাৰ এটি প্ৰাচীন নামঘৰত মাটিৰ তলৰ পৰা এখন শৰাই উদ্ধাৰ হোৱা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা শৰাইখন চাবলৈ ৰাইজে ভিৰ কৰাও পৰিলক্ষিত হৈছে।


একাংশ ৰাইজৰ মতে, অঞ্চলটোৰ এগৰাকী মহিলাই সপোনত দেখিছিল নামঘৰত শৰাই থকাৰ কথা। শৰাইখনক লৈ এতিয়া সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে ৰহস্যৰ। কপাহেৰা বুঢ়া নামঘৰত ওলোৱা প্ৰায় এক ফুট দীঘল শৰাইখনক কৈ উৎকণ্ঠিত হৈ পৰিছে অঞ্চলবাসী। স্থানীয় মামনি সন্দিকৈ নামৰ মহিলাগৰাকীয়ে সপোনত দেখিছিল যে লক্ষ্মী পূজাৰ দিনা কপাহেৰা বুঢ়া নামঘৰত এখন সোণৰ শৰাই ওলাব। সেইমতে স্থানীয় ৰাইজক সপোনৰ কথা অৱগত কৰিলে আৰু সঁচাকৈয়ে লক্ষ্মী পূজা অৰ্থাৎ দেওবাৰে দিনটোত অতি প্ৰাচীন নামঘৰটোৰ এটা চুকত প্ৰায় এক ফুট দীঘল এখন শৰাই মাটিৰ তলৰ পৰা উদ্ধাৰ হয়। পিছত শৰাইখন নামঘৰীয়াৰ জৰিয়তে মনিকূটত স্থাপন কৰিলে। দেখাত তেনেই সাধাৰণ আধুনিক মডেলৰ শৰাইখনক লৈ এতিয়া অঞ্চলৰ ৰাইজৰ মাজতেই সৃষ্টি হৈছে তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ।

ৰহস্যময় শৰাইখন চাবলৈ অগণন লোকে ভিৰ কৰিছেহি কপাহেৰা বুঢ়া নামঘৰ প্ৰাঙ্গনত। লক্ষণীয়ভাৱে কৌতূহলী লোকে শৰাইখন চুই চাব বিচাৰে যদিও মহিলাগৰাকীয়ে কাকো ওচৰলৈ যাব নিদিয়ে। দেখাত সাধাৰণ শৰাইখন প্ৰকৃততে স্বয়ংক্ৰীয়ভাৱে আবিৰ্ভাৱ হৈছেনে,শৰাইখন সোণৰ নে, সেয়াও ৰহস্যৰ আৱৰ্তত।  মহিলাগৰাকীয়ে ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে নেকি সেই প্ৰশ্ন‌ও বৰ্তমান উদ্ৰেক হৈছে। একাংশই এই ঘটনা অলৌকিক বুলি পতিয়ন গৈছে যদিও একাংশই আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত বিশ্বাস কৰা নাই এই ঘটনাক। শৰাইখনৰ প্ৰকৃত ৰহস্য কি সেয়া অনুসন্ধানতহে পোহৰলৈ আহিব। উল্লেখ্য যে ৰহস্যজনকভাৱে মাটিৰ তলৰ পৰা শৰাইৰ আবিৰ্ভাৱৰ ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত এতিয়া দুদুল্যমান অৱস্থাৰ সৃষ্টি কৰিছে।

Post a Comment

Previous Post Next Post