ইণ্ডোনেছিয়াৰ পূৱ জাভা প্ৰদেশত এখন ফুটবল মেচত সংঘটিত অপ্ৰীতিকৰ ঘটনাত ১২৭ জন নিহত


 

শনিবাৰে ৰাতি ইণ্ডোনেছিয়াত এটা ফুটবল খেলৰ মাজত সংঘটিত এক অপ্ৰীতিকৰ ঘটনাই বৰ্তমান চৌদিশে চৰ্চা লাভ কৰিছে। জানিব পৰাতে ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰদেশত এখন ফুটবল খেলৰ সময়ত সংঘটিত হিংসা আৰু দৌৰা–দৌৰীৰ ঘটনাত পদদলিত হৈ কমেও ১২৭ জন লোক নিহত হোৱাৰ লগতে ১৮০ জন আহত হয়। আৰেমা এফচি আৰু পাৰচেবায়া সুৰাবায়াৰ মাজৰ খেলৰ সময়ত আৰেমা এফচি দলটি পৰাজয় হোৱা দেখি দলটিৰ অনুৰাগীসকল খেলপথাৰলৈ নামি আহিছিল। ইয়াৰ ফলত হিংসা আৰু দৌৰৰ ফলত বহু লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বহু লোক নিহত হয়। উক্ত ঘটনাৰ পাছত আৰেমা এফচি দলক এই চিজনৰ বাবে নিষিদ্ধ কৰাৰ লগতে ইণ্ডোনেছিয়া ফুটবলৰ উচ্চ লীগে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BRI লীগৰ খেলসমূহ এসপ্তাহৰ বাবে স্থগিত কৰিছে।


উল্লেখ্য যে, ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰদেশত আৰেমা এফচি আৰু পাৰচেবায়া সুৰাবায়াৰ মাজত এখন ফুটবল খেল চলি থাকোতে আৰেমা এফচি দলক পৰাজিত হৈ থকা দেখি দলটোৰ অনুৰাগীসকল খঙত খেলপথাৰলৈ নামি আহিছিল। এই অনিয়ন্ত্ৰিত ভিৰ চম্ভালিবলৈ কন্দোৱা গেছ এৰি দিয়া হৈছিল। ইয়াৰ ফলত মানুহৰ মাজত হেঁচা–ঠেলাত ষ্টেডিয়ামত এক হূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
সংবাদ মাধ্যম এএফপি অনুসৰি, আৰেমা এফচি দলক পৰাজিত হৈ থকা দেখি কিছু লোকে ফুটবল পিটছৰ ফালে গতি কৰে আৰু তেওঁলোকক ৰখোৱাৰ প্ৰয়াসত পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে বুলি ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰদেশৰ আৰক্ষী প্ৰমুখ নিকো অফিন্টায়ে জনায়। আৰক্ষীয়ে লগতে কয় যে, এই ঘটনাত ষ্টেডিয়ামত দৌৰা–দৌৰি লাগে আৰু ইয়াৰ ফলতে ৩৪জন লোকৰ সেই ঠাইতে মৃত্যু হোৱাৰ লগতে বহু লোকৰ চিকিৎসালয়ত মৃত্যু হয়। নিহত হোৱা লোকসকলৰ ভিতৰত দুজন আৰক্ষী বিষয়াও আছিল।সামাজিক মাধ্যমত এই ঘটনা ভাইৰেল হৈ পৰিছে।

ইণ্ডোনেছিয়াৰ ফুটবল এছ'চিয়েশ্যনে (পিএছএছআই) শনিবাৰে এক বিবৃতি জাৰি কৰি উক্ত ঘটনাটোত শোক প্ৰকাশ কৰি কয় যে গোটেই বিষয়টোৰ তদন্তৰ বাবে মালাঙলৈ এটা দল প্ৰেৰণ কৰা হৈছে। এই বিবৃতিটোত উল্লেখ কৰা হৈছে যে, কাঞ্জুহান ষ্টেডিয়ামত আৰেমাৰ সমৰ্থকসকলে যি কৰিছিল তাৰ বাবে পিএছএছআই দুঃখিত। পিএছএছআইয়ে মৃত্যু হোৱা লোকসকলৰ পৰিয়াল আৰু এই ঘটনাৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ ওচৰত ক্ষমা বিচাৰে আৰু বিষয়টো অনুসন্ধান কৰিবলৈ তৎক্ষণাৎ এটা দল গঠন কৰিছে বুলি জনায়। এই অনুসন্ধান দলটি ইতিমধ্যে মালাঙলৈ ৰাওনা হৈছে বুলি বিবৃতিত উল্লেখ আছে।

Post a Comment

Previous Post Next Post