ৰাছিয়া–ইউক্ৰেইন যুদ্ধই নতুন আশংকা ঘনীভূত কৰাৰ সময়তে বুধবাৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছাৰ্জেই শ্বোইগু আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত ফোনযোগে বাৰ্তালাপ হয়। এই সময়ত ৰাজনাথ সিঙে তেওঁৰ ৰাছিয়াৰ সমকক্ষ পদবীধাৰী ছাৰ্গেই শ্বোইগুক কয় যে ইউক্ৰেইন যুদ্ধত কোনো পক্ষই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব নালাগে।
সিঙে কয়– "পাৰমাণৱিক বা ৰেডিঅ'লজিকেল অস্ত্ৰ ব্যৱহাৰ মানৱতাৰ মূল নীতিৰ পৰিপন্থী।" সিঙে শোইগুক আলোচনা আৰু কূটনীতিৰ জৰিয়তে যুদ্ধৰ সমাধান কৰাৰ বাবে আহ্বান জনায়।
সংবাদ সংস্থা ৰয়টাৰ্ছৰ বাতৰি অনুসৰি, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে দেওবাৰে শ্বোইগুৱেও এই বিষয়ত কেইবাবাৰো নাটোৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হৈছিল। ইউক্ৰেইন আৰু ইয়াৰ মিত্ৰ দেশসমূহে কিয়েভে তেজস্ক্ৰিয় “বিপজ্জনক বোমা” ব্যৱহাৰৰ বাবে প্ৰস্তুতি চলাইছে বুলি ৰাছিয়াই তোলা অভিযোগ নাকচ কৰে। একে সময়তে ইউক্ৰেইনৰ পৰা ওলোটাকৈ কোৱা হৈছে যে ৰাছিয়াই এনেধৰণৰ বোমা ব্যৱহাৰ কৰি আশংকা আৰু বৃদ্ধি কৰিছে।
