ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । বঙাইগাঁৱত খাৰিজা দোলাইগাঁৱত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৯০ গ্ৰাম ড্ৰাগছসহ এজনক আটক কৰে ৷ ধৃত লোকজন ইউচুফ আলী বুলি জানিব পৰা গৈছে ৷ যুৱকজনে দীৰ্ঘ দিন ধৰি নিজ ঘৰৰ ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰ খবৰ পাই আৰক্ষীয়ে অভিযান চলাইছিল ৷
চাবোনৰ বাকচৰ ভিতৰত এই ড্ৰাগছখিনি লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ যুৱকজনৰ পৰা দুটা মোবাইল আৰু পালছাৰ বাইক এখন জব্দ কৰে ৷ অৱশ্য ড্ৰাগছ ব্যৱসায়ত জৰিত আন এজন যুৱক পলায়ন কৰিবলৈ সক্ষম হয় ৷ বঙাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতা আৰু উত্তৰ বঙাইগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া থগিত দলেৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে সম্প্ৰতি অভিযান অব্যাহত ৰাখিছে ৷ জব্দকৃত ড্ৰাগছৰ মূল্য চাৰি লাখৰো অধিক হ’ব ৷