জাগুনত টিৰাপ নৈৰ হোলোং ডুবিঘাটত যুৱক সন্ধানহীন


 

জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নমাইলৰ ফুলবাৰীৰ এগৰাকী যুৱক সন্ধানহীন। টিৰাপ নৈৰ হোলোং ডুবিঘাটত যুৱকগৰাকী সন্ধানহীন হোৱা বুলি খবৰ পোৱা গৈছে। সন্ধানহীন যুৱকজনৰ নাম মিলন ছেত্ৰী (১৮)।


যুৱকজন জাগুন ফুলবাৰী গাঁৱৰ। চাৰি সমনীয়াৰ সৈতে টিৰাপ নৈ পাৰ হৈছিল যৱকজনে। কিন্তু ইয়াৰ পিছতে সন্ধানহীন হৈ পৰে তেওঁ। ঘটনাস্থলীত ইতিমধ্যে জাগুন আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post