২০১৩ চনতো সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা, কিয় কেদাৰনাথত বাৰে বাৰে সংঘটিত হয় হেলিকপ্টাৰ দুৰ্ঘটনা?

 


কেদাৰনাথত আজি সংঘটিত শোকাৱহ দুৰ্ঘটনাত পুনৰ ৫গৰাকী দৰ্শনাৰ্থী আৰু দুগৰাকী পাইলটে প্ৰাণ হেৰুৱাইছে। কেদাৰনাথ হেলিপেডৰ সুৰক্ষাৰ দায়িত্বত থকা মনোহৰ সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি, হেলিকপ্টাৰখনে কেদাৰনাথ মন্দিৰৰ পৰা দুই কিলোমিটাৰ নিলগৰ গৰুৰছট্টীৰ পৰা উৰা মাৰিছিল, কিন্তু মাত্ৰ ৫ছেকেণ্ডৰ পিছতে হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয়। ঘন কুঁৱলী আৰু ডাৱৰৰ মাজত সোমাই পৰা হেলিকপ্টাৰখনে পাহাৰত খুন্দা মৰাৰ পিছতে দুৰ্ঘটনাত পতিত হয়।


শোকাৱহভাৱে মৃত্যুক সাৱটিলে গুজৰাটৰ ভাতৃ-ভগ্নীয়ে: 


গুজৰাটৰ ভাৱনগৰৰ পৰা কেদাৰনাথত মহাদেৱৰ দৰ্শনৰ বাবে ১৪ অক্টোবৰত ওলাই আহিছিল গুজৰাটৰ ভাৱনগৰৰ কৃতি বাৰদ আৰু তেঁওৰ সম্পৰ্কীয় ভনীয়েক উৰ্বী বাৰদ। তেঁওলোকৰ লগতে ভাৱনগৰৰে যুৱক পূৰ্বা ৰামানুজো আহিছিল কেদাৰনাথ দৰ্শনৰ বাবে। পিছে মঙলবাৰে সংঘটিত দুৰ্ঘটনাত শোকাৱহভাৱে মৃত্যুক সাৱটি ল'লে তিনিওজনে।


২০১৩ত কেদাৰনাথত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ২৫জনে :


কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা এয়াই প্ৰথম নহয়। দেৱভূমি হিচাপে খ্যাত কেদাৰনাথত ২০১৩ চনৰ ২৫ জুনতো সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। সেই সময়ত কেদাৰনাথত ডাৱৰ বিস্ফোৰণৰ ফলত মহাপ্ৰলয়ৰ সৃষ্টি হৈছিল। আবদ্ধ হৈ পৰিছিল বহু লোক। জলবন্দী লোকসকলক উদ্ধাৰৰ বাবে বায়ুসেনাই চলাইছিল উদ্ধাৰ অভিযান। কিন্তু দুৰ্ভাগ্যজনকভাৱে উদ্ধাৰ অভিযান চলোৱা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ বায়ুসেনাৰ জোৱানসহ ২৫জন লোকে প্ৰাণ হেৰুৱাইছিল।

Post a Comment

Previous Post Next Post