৫৬% ভোটদানৰ হাৰেৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা


 

আজি সম্পন্ন হ'ল ঐতিহাসিক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা, ২০২২-২৩ৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজা পৰ্যন্ত ছাত্ৰ জিৰণি কোঠাত অনুষ্ঠিত ভোটগ্ৰহণত বিশ্ববিদ্যালয়খনৰ সৰ্বমুঠ ৩৯৮০ গৰাকী শিক্ষাৰ্থী ভোটাৰৰ ভিতৰত ২৩২০ গৰাকী শিক্ষাৰ্থীয়ে ভোটদান সাৱ্যস্ত কৰে। প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ভোটদানৰ হাৰ ৫৬%। উল্লেখ্য যে, সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহঃ সাধাৰণ সম্পাদককে ধৰি ১৫ জনীয়া স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ১০ টা পদত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই ১০ টা পদত ২২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। ইফালে, শৰীৰচৰ্চা, ক্ৰীড়া আৰু গুৰু ক্ৰীড়া বিভাগত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে প্ৰাৰ্থী। শৰীৰচৰ্চা বিভাগত প্ৰভু বড়ো, ক্ৰীড়া বিভাগত হাবেল বড়ো আৰু গুৰু ক্ৰীড়া বিভাগত বিশ্বজিত দৈমাৰীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে।


এইখিনিতেই মন কৰিবলগীয়া কথা যে, এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠা পদৰ নিৰ্বাচন অনুষ্ঠিত কৰাত আদালতৰ স্থগিতাদেশ আছিল। দুয়োটা পদৰ দুগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰয়োজনীয় শ্ৰেণীকোঠাৰ ৭৫% উপস্থিতি নথকাৰ অভিযোগ তুলি এগৰাকী শিক্ষাৰ্থীয়ে আদালতৰ কাষ চপা হেতুকে এই স্থগিতাদেশ জাৰি কৰা হয়। আনহাতে, ভোটগ্ৰহণৰ দিনটোৰ শেষলৈকে বিশ্ববিদ্যালয়ত পৰিলক্ষিত হ'ল এক উৎসৱমুখৰ পৰিৱেশ।

Post a Comment

Previous Post Next Post