ৰাজ্যজুৰি এতিয়া দুৰ্গা পূজাৰ উছাহ। পূজাৰ আনন্দত উখল–মাখল পৰিৱেশ চৌদিশ। পূজাৰ মণ্ডপে মণ্ডপে গুঞ্জৰিত দেৱী বন্দনা, ঢাকৰ শব্দ মুখৰ চৌদিশ। চলিছে দুৰ্গতিনাশিনীৰ পূজা–অৰ্চনা। যোৱা বছৰ কোভিড পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ পূজা পালন কৰাৰ পিছত এইবাৰ সকলোৱে আনন্দমনে উদযাপন কৰিছে দুৰ্গা পূজা।
আজি মহা নৱমী। যথা বিহিত ৰীতিৰে চলিছে মা দুৰ্গাৰ পূজা–অৰ্চনা। চৌদিশে মংগলময় পৰিৱেশ। নৱমীৰ দিনা অসমৰ কেইবাখনো ঐতিহ্যমণ্ডিত পূজাত বলি–বিধানৰ প্ৰথা চলি আহিছে।
আজি ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়, কামাখ্যা মন্দিৰ, উগ্ৰতাৰা দেৱালয়, দীৰ্ঘেশ্বৰী দেৱালয় আদিত চলিব বলি প্ৰথা। এইবাৰ বিল্বেশ্বৰ দেৱালয়ত ৪৫টা ম’ব বলি দিয়া হ’ব। লগতে ২০টা ম’হ উছৰ্গা কৰা হ’ব। ইফালে, দীৰ্ঘেশ্বৰী দেৱালয়তো মহানৱমী উপলক্ষে ম’হ বলি দিয়া হ’ব।
Tags:
National