হাতীগাঁও আৰক্ষীৰ সফলতা। কিছুদিন পূৰ্বে ঘোঁৰামৰাৰ এটা ATMৰ পৰা ধন হৰলুকীৰ দুটা ঘটনাৰ আলম লৈ চলিছিল হাতীগাঁও আৰক্ষীৰ অভিযান। দুজন বয়োজ্যেষ্ঠ ব্যক্তিগৰ ATM কাৰ্ড দুষ্ট চক্ৰই ব্যৱহাৰৰ কৰি হৰলুকী কৰিছিল ধন। এজনৰ একাউণ্টৰ পৰা ৬৮ হাজাৰ আৰু আনজনৰ একাউণ্টৰ পৰা ১ লাখ ১০ হাজাৰ হৰলুকী কৰা হৈছিল।
আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত আৰম্ভ হৈছিল প্ৰৱঞ্চকৰ বিৰুদ্ধে অনুসন্ধান। CCTVৰ ভিজুৱেল চাই গ্ৰেপ্তাৰ কৰে বাবুল আহমেদ নামৰ এজনক আৰু বাবুলৰ স্বীকাৰোক্তি ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল জিয়াৰুল ৰহমান নামৰ আন এজনক।
ইয়াৰ পম খেদি আৰক্ষীয়ে নিশা বঙাইগাঁওৰ পৰা গ্ৰেপ্তাৰ কৰে ৪ প্ৰৱঞ্চকক। আৰক্ষীয়ে এই চক্ৰটোৰ পৰা উদ্ধাৰ কৰে ৮৮খন ATM কাৰ্ড। জব্দ কৰে মোবাইল ৪টা, POS মেচিন ৩টা, ১৫০০০ নগদ ধন, চাৰিখন বিলাসী বাহন। এই চক্ৰৰ আঁৰত এটা বৃহৎ দল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে।
Tags:
National