আৰু অধিক উন্নত আৰু গতিশীল ইণ্টাৰনেট সেৱা, 5G বিপ্লৱৰ সাক্ষী হ’ল ভাৰত


 

অপেক্ষাৰ অৱসান। আজি ষষ্ঠীৰ দিনটোতে 5G প্ৰযুক্তিৰ সাক্ষী হ’ল দেশ। ভাৰতত আৰম্ভ হ’ল 5G সেৱা। দিল্লীৰ প্ৰগতি ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 5G সেৱা আৰম্ভ কৰে। আই এম চিৰ ষষ্ঠ সংস্কৰণ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে।


দেশত ডিজিটেল প্ৰযুক্তিৰ দ্ৰুত প্ৰসাৰৰ বাবে নতুন প্ৰযুক্তিৰ উপস্থাপন আৰু আলোচনাৰ সুবিধা প্ৰদান কৰাটোৱেই হৈছে আই এম চি অনুষ্ঠানৰ মূল উদ্দেশ্য। ভাৰতত যিমানেই দ্ৰুতগতিত 5G সেৱা প্ৰচলন হ’ব সিমানেই দেশৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ বেছি হ’ব। ২০৩৫ চনৰ ভিতৰত ভাৰতত 5G সম্পৰ্কীয় ব্যৱসায় ৪৫০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে।

যিকোনো অনলাইন কামেই বাধাহীনভাৱে কৰা আৰু সহজতে সম্ভৱ হৈ পৰিব বুলি অনুমান কৰা হৈছে এই 5G সেৱাৰ জৰিয়তে। পৰিসংখ্যাই কৈছে, দেশৰ সৰ্ববৃহৎ টেলিকম স্পেকট্ৰাম নিলামত অভিলেখ ১.৫ লাখ কোটি টকাৰ দৰ পোৱা গৈছে। উদ্যোগপতি মুকেশ আম্বানীৰ জিঅ’ই ৮৭,৯৪৬.৯৩ কোটি টকাত সকলো স্পেকট্ৰমৰ প্ৰায় আধা অধিগ্ৰহণ কৰিছে।

Post a Comment

Previous Post Next Post