আজি আকাশ আম্বানীয়ে মুকলি কৰিলে 5G সেৱা। দেশৰ কৰ্প’ৰেট জগতৰ সৰ্ববৃহৎ ইভেণ্ট ৰিলায়েঞ্চৰ ৪৫ সংখ্যক বাৰ্ষিক সাধাৰণ সভা(AGM)ত আকাশ আম্বানীয়ে মুকলি কৰে এই সেৱা। ৰাজস্থানৰ শ্ৰীনাথজী মন্দিৰত আয়োজন কৰা এই সভাত ‘জিঅ’ই ডিজিটেল ইণ্ডিয়া সম্ভৱ কৰি তুলিছে।
জানিব পৰা মতে, জিঅ’ ফাইবাৰ নেটৱৰ্ক ১১ লাখ কিঃমিঃলৈ বিস্তৃত থাকিব। ভাৰতৰ এক নম্বৰ ডিজিটেল সেৱা প্ৰদানকাৰী জিঅ’ই 5G সেৱাত ২ লাখ কোটি টকা ব্যয় কৰিব। দিল্লী, কলকাতা, মুম্বাই, চেন্নাইত প্ৰথমে আৰম্ভ হ’ব 5G সেৱা।
দীপাৱলীৰ পূৰ্বে এই ৪ মেট্ৰ’ চহৰত 5G সেৱা উপভোগ কৰিব পাৰিব গ্ৰাহকে। ২০২৩ৰ ভিতৰত সমগ্ৰ ভাৰতত 5G সেৱা উপলব্ধ হ’ব। ইয়াৰোপৰি, দেশজুৰি True-5G নেটৱৰ্ক আৰম্ভ কৰিব জিঅ’ই আৰু ইয়াৰ বাবে ২ লাখ কোটি টকা ব্যয় কৰিব। জিঅ’ 5G সেৱা দেশীয়ভাৱে বিকশিত End-to-End 5G নেটৱৰ্ক।
গুগ’লৰ সৈতে মিলি সুলভ 5G মোবাইল নিৰ্মাণৰ পৰিকল্পনাৰ লগতে কোৱালকমৰ সৈতে পাৰ্টনাৰশ্বীপৰ ঘোষণা কৰে ৰিলায়েঞ্চে। ইয়াৰোপৰি ৰিলায়েঞ্চে মুকলি কৰিব আল্ট্ৰা হাই স্পীড জিঅ’ এয়াৰ ফাইবাৰ।
গুগ’লৰ সৈতে মিলি সুলভ 5G মোবাইল নিৰ্মাণৰ পৰিকল্পনাৰ লগতে কোৱালকমৰ সৈতে পাৰ্টনাৰশ্বীপৰ ঘোষণা কৰে ৰিলায়েঞ্চে। ইয়াৰোপৰি ৰিলায়েঞ্চে মুকলি কৰিব আল্ট্ৰা হাই স্পীড জিঅ’ এয়াৰ ফাইবাৰ।
Tags:
National
