ভাৰতত মুকলি হ’ল 5G সেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে এই সেৱা। 5G মুকলি অনুষ্ঠানত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কয়, ‘‘দেশৰ বাবে আজি এক গৌৰৱৰ দিন। 5Gৰ আন এটা নাম হৈছে 5 Goal। 5Gয়ে দেশৰ বুনিয়াদ নতুনকৈ গঢ়িব, ভাৰতীয়ৰ বাবে শিক্ষা আৰু দক্ষতা সূলভ কৰিব। 5Gয়ে স্মাৰ্ট হাস্পতালৰ যোগে গ্ৰামাঞ্চলত উন্নত সেৱা প্ৰদান কৰিব। দূৰ কৰিব চহৰ আৰু গ্ৰামাঞ্চলৰ মাজৰ ব্যৱধান।’’
5Gয়ে অৰ্থনীতিৰ সকলো ক্ষেত্ৰতে আধুনিকীকৰণ সম্ভৱ কৰিব তুলিব বুলি মন্তব্য কৰে মুকেশ আম্বানীয়ে। লগতে ক্ষুদ্ৰ উদ্যোগকো এই সেৱাই শক্তিশালী কৰিব বুলি মন্তব্য কৰে আম্বানীয়ে।
মুকেশ আম্বানীয়ে কয়, 5G সংযোগ কেৱল প্ৰযুক্তিৰ পৰৱৰ্তী প্ৰজন্মৰ তুলনাত বহু বেছি। মোৰ দৃষ্টিত এই প্ৰযুক্তিয়ে একবিংশ শতিকাৰ আন আন প্ৰযুক্তি যেনে কৃত্ৰিম বুদ্ধিমত্তা, ইণ্টাৰনেট অৱ থিংছ, ৰবটিক্স, ব্লকচেইন আৰু মেটাভাৰ্ছৰ সম্পূৰ্ণ ক্ষমতাক আনলক কৰে।আম্বানীয়ে কয়, দৈনন্দিন জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ সৰ্বাধিক ব্যৱহাৰ হ’ব। ভাৰতৰ যুৱ শক্তিৰ প্ৰতিভাৰ উন্নত প্ৰয়োগ 5G সেৱা। 5Gয়ে ভাৰতত নতুন অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব। ২০৪৭ চনলৈ ৪০ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ’ব পাৰে ভাৰত। 5Gৰ সহায়ত ভাৰত ইনভেচন হাবলৈ পৰিণত হ’ব। জিঅ’ই ভাৰতৰ চুকে কোণে সেৱা আগবঢ়াব।
সৰ্বস্তৰলৈ সূলভ 5G সেৱা আগবঢ়োৱা আমাৰ লক্ষ্য বুলি উল্লেখ কৰি আম্বানীয়ে আৰু কয় যে ২০২৩ৰ ডিচেম্বৰৰ পূৰ্বে সমগ্ৰ ভাৰতত উপলব্ধ হ’ব জিঅ’ 5G সেৱা। জিঅ’ই ভাৰতৰ চুকে কোণে সেৱা আগবঢ়াব।