বৃহস্পতিবাৰে নিশা আনুষ্ঠানিকভাৱে উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগণনা সম্পুৰ্ণ হয়।
উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুসৰি ৪০৩ খন আসনৰ ভিতৰত বিজেপিয়ে ২৫৫ খন আসনত বিজয়ী হয় একক সংখ্যা গৰিষ্ঠতা অৰ্জন কৰে।
বিজেপিৰ উপৰি সমাজবাদী পাৰ্টিয়ে ১১১ খন আসন দখল কৰি দ্বিতীয় স্থানত থাকে।
ইপিনে, উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে চৰম হতাশজনক প্ৰদৰ্শন দাঙি ধৰি ২ খন, মায়াবতী নেতৃত্বাধীন বহুজন সমাজবাদী পাৰ্টিয়ে ১ খন আসনতহে বিজয়ী হয়।
আনহাতে, আপনা দলে ১২ খন, নিৰ্বল ইণ্ডিয়ান চোছিত হামাৰা আম দলে ৬ খন, ৰাষ্ট্ৰীয় লোক দলে ৮ খন আৰু সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিয়ে ৬ খন আসন দখল কৰে।
উত্তৰপ্ৰদেশত দীৰ্ঘ সময়ৰ অন্তত যোগী আদিত্যনাথে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ ক্ষমতা দখল কৰি অভিলেখ সৃষ্টি কৰে।