বংগত যি পালে মমতাই, উত্তৰ প্ৰদেশত পালে যোগীয়ে!

 


যোগী আদিত্যনাথৰ নেতৃত্বত বিজেপিয়ে পুনৰ উত্তৰ প্ৰদেশৰ মচনদ দখল কৰিলে। পুনৰ দেশৰ আটাইতকৈ জনবহুল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পথত যোগী। লগতে ৩৭ বছৰৰ অভিলেখ ভংগ কৰি একেৰাহে দুবাৰ একেজন মুখ্যমন্ত্ৰী পাইছে উত্তৰ প্ৰদেশে। কেৱল সিমানেই নহয়, ভোটৰ ক্ষেত্ৰতো দেখা গৈছে, ২০১৭ চনৰ তুলনাত প্ৰায় ৫ শতাংশ ভোট বৃদ্ধি হৈছে বিজেপিৰ। মোটামুটি ৪৬.৬ শতাংশ ভোট পাইছে গেৰুৱা শিবিৰে।


অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীয়ে বিজেপিৰ প্ৰায় আধা আসন দখল কৰি বিৰোধীৰ আসনত বহিব। বিগত বাৰতকৈ সমাজবাদী পাৰ্টীৰ ভোট আৰু আসন বাঢ়িলেও প্ৰত্যাশাতকৈ বহু কম পালে দলটোৱে। বিৰোধীৰ আশা আছিল, বিজেপিৰ ঘাটি পশ্চিম উত্তৰ প্ৰদেশত ভোট বিভাজনৰ ৰাজনীতি কৰিব নোৱাৰিব বিজেপিয়ে। কিন্তু বাস্তৱত অন্যহে দেখা গ’ল।

বিৰোধীৰ অভিযোগ উৰুৱাই দিলে মোদী–যোগী যুটীয়ে। বাকী আন চাৰিখন ৰাজ্যৰ ভোটগণনা থাকিলেও সমগ্ৰ দেশৰ দৃষ্টি আছিল উত্তৰ প্ৰদেশত। বিগত কেইবামাহো ধৰি নৰেন্দ্ৰ মোদীয়ে বহুবাৰ ভ্ৰমণ কৰিছে উত্তৰ প্ৰদেশ। তাৰেই সুফল পালে গেৰুৱা বাহিনীয়ে। যোগী আদিত্যনাথৰ ‘ড’ণ্ট কেয়াৰ’ মনোভাৱে যে বিজেপিক ডিভিডেণ্ট দিলে, সেয়া স্পষ্ট হ’ল। লগতে মহিলা ভোটাৰৰো সমৰ্থন পালে যোগীয়ে। যিটো ১০ মাহ পূৰ্বে পশ্চিম বংগত পাইছিল মমতাই। সেই মহিলা ভোটাৰৰ ওপৰত ভৰসা কৰিয়ে নিৰ্বাচনী বৈতৰণী পাৰ হ’ল আদিত্যনাথে।

মহিলা ভোটাৰৰ সমৰ্থন পাবলৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জনধন আঁচনি, কোৰোণা ভাইৰাছৰ সময়ত ৰেচন প্ৰদানসহ যিসমূহ আঁচনি আৰম্ভ কৰা হৈছে, তাৰ সুবিধা পাইছে উত্তৰ প্ৰদেশৰ মহিলাসকলে। লগতে তিনি তালাক নিষিদ্ধৰ দৰে বিষয়সমূহো গেৰুৱা শিবিৰৰ পক্ষলৈ গৈছে। লগতে বিজেপিৰ প্ৰচাৰ আছিল, কন্যাসকলে সন্ধিয়া সুৰক্ষিতভাৱে ঘৰ পৰা ওলাব পাৰিছে। উন্নাও, হাথৰছৰ দৰে ঘটনা ঘটিলেও বিজেপিৰ সেই প্ৰচাৰে যে সফলতা পাইছে, সেয়া কোৱাৰ প্ৰয়োজন নাই। পুৰুষসকলৰ ক্ষেত্ৰত বিজেপিৰ সৈতে বিৰোধীৰ ভোটৰ পাৰ্থক্য বেছি নহ’লেও মহিলাৰ ক্ষেত্ৰত বিশাল তফাতে বিজেপিক আগুৱাই নিছে বহু পৰিমাণে।

Post a Comment

Previous Post Next Post