কংগ্ৰেছশূন্য হ'ল শিৱসাগৰ আৰু ডিমৌ পৌৰসভা, ৰাইজৰ দলৰ দুৰ্গত বিজেপি-এজিপিৰ বিজয়োল্লাস

 


বহু জল্পনা কল্পনাৰ অন্তত আজি ওলাল পৌৰসভা নিৰ্বাচনৰ ফলাফল।  শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত তিনিওখন পৌৰসভা দখল কৰিলে বিজেপি-অগপ মিত্ৰজোঁটে ।


শিৱসাগৰ পৌৰসভাৰ ১৪টা ৱাৰ্ডৰ ভিতৰত ১০টা ৱাৰ্ডত বিজেপি আৰু ২টা ৱাৰ্ডত জয়ী হয় অসম গণ পৰিষদৰ প্ৰাৰ্থী। মিত্ৰজোঁটে ১২টা দখল কৰাৰ বিপৰীতে নতুনকৈ পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰাইজৰ দলে ২টা ৱাৰ্ড দখল কৰে।

শিৱসাগৰ বিধানসভা সমষ্টি দখল কৰাৰ পিছত পৌৰসভা দখলৰ লক্ষ্যৰে অখিল গগৈৰ নেতৃত্বত  ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল যদিও  ১ আৰু ২ নং ৱাৰ্ডহে  লাভ কৰিবলৈ সক্ষম হয় ।

ইপিনে ডিমৌ পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ আটাইকেইটাতে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয় বিজেপি- অগপৰ মিত্ৰজোঁটে  ডিমৌৰ ৮ টা ৱাৰ্ড বিজেপি আৰু ২ টা ৱাৰ্ড অগপৰ দখললৈ যায় । লক্ষণীয় যে শিৱসাগৰ আৰু ডিমৌ পৌৰসভাৰ এটা ৱাৰ্ডতো জয়ৰ সোৱাদ লাভ নকৰিলে কংগ্ৰেছে ।

একালৰ কংগ্ৰেছৰ দুৰ্গ স্বৰূপ শিৱসাগৰ পৌৰসভা আৰু ডিমৌ পৌৰসভা কংগ্ৰেছশূন্য্ হোৱাৰ বিপৰীতে আমগুৰি পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ভিতৰত ৪ টা ৱাৰ্ড লাভ কৰি কোনোমতে নাক বচাবলৈ সক্ষম হয় ঐতিহাসিক দলটোৱে। আমগুৰি পৌৰসভাৰ ৩টা ৱাৰ্ড বিজেপি , ২টা অসম গণ পৰিষদ আৰু এটা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাত পৌৰসভাখন মিত্ৰজোঁটে গঠন কৰাটো নিশ্চিত হয় ।

ইপিনে সন্তোষজনক ফলাফল লাভ কৰি বিজেপি-অগপৰ কৰ্মীসকলে প্ৰাৰ্থীসকলক লগত লৈ  শিৱসাগৰ চহৰত সমদল উলিয়াই আনন্দ-উছাহ প্ৰকাশ কৰে।

Post a Comment

Previous Post Next Post