চৰাইদেউৰ সোণাৰিৰ অভয়পুৰ বনাঞ্চলত ভয়াৱহ অগ্নিকাণ্ড । জুই নিয়ন্ত্ৰণত ব্যৰ্থ বন বিভাগ। ব্যাপক হাৰত জ্বলি ছাই হৈছে মূল্যবান গছ–গছনি, জীৱকুলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। চৰাইদেউ জিলাৰ সোণাৰিৰ অসম–নগালেণ্ড সীমান্তত থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলত দুদিনৰ পূৰ্বে নগা দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাত এই জুয়ে বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
এই জুই এতিয়া বনাঞ্চলখনৰ ন ন অঞ্চললৈ বিয়পি পৰিছে ৷ উদ্বেগজনক বিষয় এয়াই যে, বিগত দুটা দিন ধৰি অব্যাহত থকা ভয়াৱহ অগ্নিকাণ্ডৰ পিছতো বন বিভাগৰ লোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। যাৰ বাবে সীমান্তৱৰ্তী ৰাইজ অধিক চিন্তিত হৈ পৰিছে৷
আনহাতে, জুয়ে বৰ্তমান ভয়াৱহ ৰূপ ধাৰণ কৰাত অঞ্চলটোৰ আকাশ বতাহ ধোৱা আৰু ছায়ে আগুৰি ধৰিছে ৷ এতিয়া নতুন অঞ্চললৈ বিয়পি পৰা এই জুয়ে বনাঞ্চলখনৰ কেইবা হেক্টৰ ভূমিৰ মূল্যবান গছ–গছনি জ্বলাই ছাই কৰিছে আৰু জীৱ-জন্তুৰ বাবে এই জুই অতি ভয়াৱহ হৈ পৰিছে।
বিষয়টোত আতংকিত হৈ পৰা সীমান্তৱৰ্তী জনতাই অতি শীঘ্ৰে অগ্নি নিৰ্বাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ আনহাতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই বিষয়টো অধিক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। বিধায়কজনে নিজে বনাঞ্চলৰ ভিতৰত দুবাৰ প্ৰৱেশ কৰি পৰিস্থিতিৰ বুজ ল'বলৈ চেষ্টা চলাইছে যদিও এই পৰ্যন্ত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই।

Tags:
Assam