এটা নাম নোহোৱা ভাৰতীয় চুপাৰছ’নিক মিছাইল পাকিস্তানৰ ভূমিত পৰা বুলি দাবী কৰিছে পাকিস্তানে।
বুধবাৰে সন্ধিয়া ভাৰতীয় চুপাৰছ’নিক মিছাইলটো পাকিস্তানৰ ভূমিত পৰা বুলি পাকিস্তানে দাবী কৰিছে।
পাকিস্তানে চুপাৰছ’নিক মিছাইলটো প্ৰায় ৪০,০০০ ফুট উচ্চতাৰে উৰি আহি পাকিস্তানী ভূখণ্ডত প্ৰৱেশ কৰা বুলি পাকিস্তানে সদৰী কৰে।
ইপিনে, এইধৰণৰ চুপাৰছ’নিক মিছাইলে ভাৰতীয় আৰু পাকিস্তানী দুয়োখন দেশৰ বিমানৰ বাবেও ভাবুকি সৃষ্টি কৰিব বুলি পাকিস্তানৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে।
বিমানৰ লগতে এনেধৰণৰ মিছাইলে মানুহ আৰু সম্পত্তিৰো ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছে বুলিও পাকিস্তানে উল্লেখ কৰে।
অৱশ্যে ভাৰতৰ নাম বিহীন মিছাইল বুলি দাবী কৰা মিছাইলটোৰ আঘাতৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই বুলিও দেশখনৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে।