ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ আলোচনা

 


৩১ মাৰ্চত অসমত অনুষ্ঠিত হ’ব দুখন আসনৰ বাবে ৰাজ্য সভা নিৰ্বাচন। "এই ৰাজ্যসভাৰ নিৰ্বাচনত ৪২তকৈ অধিক ভোট পাই আমি বিৰোধী দলৰ কংগ্ৰেছ প্ৰাৰ্থী জয় হম" – এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।


কোনে পাব টিকট? সেয়া বৃহস্পতিবাৰে নিশ্চিত হ'ব বুলিও সংবাদ মাধ্যমক জনাই ভূপেন বৰাই। উল্লেখযোগ্য যে আগন্তুক ৰাজ্য সভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ নেতৃত্বই বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হয়।

ইফালে এনকাউণ্টাৰ সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই। ভূপেন বৰাৰ মতে, অসমত এতিয়া এনকাউণ্টাৰ বেছিকৈ হ'বই, কাৰণ হিমন্ত বিশ্ব শৰ্মা এতিয়া মুখ্যমন্ত্ৰী নহয় তেওঁ নিজেই এজন চীফ জাষ্টিচো। The Kashmir files নহয়, অসম গুপ্তহত্যা files নামৰ ছবিও নিৰ্মাণ কৰিবলৈ অনুপম খেৰলৈ চিঠি লিখিব বুলিও কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই লগতে কয় যে অগপ বিজেপিৰ আমোলত হোৱা গুপ্তহত্যা ফাইলছ ছবিখন হ’লে ভূপেন বৰায়ো সকলো বিধায়কক লৈ চিনেমা চাবলৈ যাব।ভূপেন বৰাৰ দাবী, অসমত হোৱা গুপ্তহত্যাৰ ওপৰতো হ'ব লাগে ছবি নিৰ্মাণ।

Post a Comment

Previous Post Next Post