আজি বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সেই অনুযায়ী অসমৰ বিভিন্ন জিলাৰ মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ বাবে ৯৫৮ কোটি টকা অনুমোদন দিয়ে বুধবাৰৰ কেবিনেটে। কেবিনেট বৈঠকৰ পিছতে অনুষ্ঠিত সংবাদ মেলত কেবিনেটৰ সিদ্ধান্তসমূহ জনায় মন্ত্ৰী পীয়ূষ হাজৰিকাই ।
এই সিদ্ধান্ত অনুযায়ী অসমৰ প্ৰায় এহেজাৰ কিলোমিটাৰ মথাউৰিৰ ওপৰত পকীপথ নিৰ্মাণ হ'ব। তামুলপুৰ মেডিকেল কলেজৰ বাবে আজিৰ কেবিনেটে ৪৫০ কোটি টকা মুকলি কৰি দিছে। গহপুৰ-ধলপুৰ পথ, দিৰাক গেট-বিজুলী বন, ৰৌতা -মিছামাৰী পথ আৰু দুটা পথসহ মুঠ ৫ টা পথৰ বাবে ১০৩১ কোটি মুকলি কৰি দিছে।
মৰিয়নি সমষ্টিৰ ১০৩ টা পৰিয়ালে ভূমিৰ আৱন্টন লাভ কৰিব। শিলচৰে পৌৰ নিগমৰ মৰ্যাদা লাভ কৰিব। ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰক্ৰিয়া চলি আছে। যোৰহাটৰ বিমান বন্দৰৰ ভূমি সম্প্ৰসাৰণৰ সিদ্ধান্ত লয়। এই ভূমিৰ সম্প্ৰসাৰণৰ বাবে ১৫৬.৯ কোটি টকা অনুমোদন কৰিছে চৰকাৰে।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ জল জীৱন মিছন আঁচনিৰ অধীনত ঘৰে ঘৰে পানী যোগানৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে কেবিনেটে। কৃষকৰ পৰা ১০ লাখ মেট্ৰিকটন ধান ক্ৰয়ৰ সিদ্ধান্ত লৈছে চৰকাৰে। ৰাজ্য চৰকাৰে প্ৰতি সমষ্টিৰ কৃষকৰ পৰা ধান ক্ৰয় কৰিব।ৰাজ্যখনৰ এটা চৰকাৰী প্ৰতীক প্ৰস্তুত কৰিব। ইয়াৰ বাবে বুধবাৰৰ কেবিনেটে মন্ত্ৰী ৰনোজ পেগু আৰু মন্ত্ৰী কেশৱ মহন্তক দায়িত্ব প্ৰদান কৰিছে।