অবৈধ সুৰা বিক্ৰেতাৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত জালুকবাৰী আৰক্ষীৰ। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে পাণ্ডুত অবৈধ সুৰা বিক্ৰেতাৰ বিৰুদ্ধে এক অভিযান চলায়।
পাণ্ডু ল'ক' কলনীৰ এগৰাকী মহিলাৰ ঘৰত চলা এই অভিযানত জালুকবাৰী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত সুৰাৰ ভিতৰত বহু পৰিমাণৰ দেশীয় সুৰাৰ লগতে কেইবা কাৰ্টন IMFL থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, আৰক্ষীৰ অভিযানৰ উমান পাই মহিলাগৰাকীয়ে ঘৰৰ পৰা আগতীয়াকৈ পলায়ন কৰে। উল্লেখ্য যে, মহিলাগৰাকীৰ বিৰুদ্ধে অবৈধভাৱে সুৰা মজুত ৰাখি ব্যৱসায় চলোৱাৰ একাধিক অভিযোগ আছে। আনকি পূৰ্বতেও কেইবাবাৰ আৰক্ষী তথা আৱকাৰী বিভাগে মহিলাগৰাকীৰ ঘৰত অভিযান চলাইছিল।
ইফালে এই সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।