ভাৰতৰ লগতে বিশ্বৰ অন্যান্য দেশতো ব্লকব্লাষ্টাৰ হৈছে দক্ষিণ ভাৰতৰ পটভূমিত নিৰ্মিত বোলছবি 'পুষ্পা’। আল্লু অৰ্জুন অভিনীত সদ্য মুক্তিপ্ৰাপ্ত বোলছবিখন উপভোগ কৰি ছচিয়েল মিডিয়াত সকলোৱে পুষ্পাৰ হিট গান শ্ৰীভল্লীৰ নৃত্য ভংগীমাৰ অভিনয় কৰিছে। সাধাৰণ ব্যক্তিৰ পৰা আৰম্ভ কৰি বলিউদ চেলিব্ৰেটী তথা বিদেশী ক্ৰিকেট তাৰকাইয়ো আল্লু অৰ্জুনৰ নৃত্য ভংগীমাক এবাৰ হ'লেও নকল কৰিবলৈ চেষ্টা কৰিছে। কিন্তু নৃত্য ভংগীমাৰ নকল কৰালৈকে সকলো ঠিকেই আছিল, 'পুষ্পা’ চাই ছবিখনত দেখুৱাৰ দৰে ৰঙা চন্দন স্মাগলিঙৰ হুবহু পৰিকল্পনা কৰি এজন যুৱক আৰক্ষীৰ জালত পৰাৰ তথ্য পোহৰলৈ আহিছে।
ঘটনাটো মহাৰাষ্ট্ৰৰ। 'পুষ্পা'ত যিদৰে আৰক্ষীৰ চকুত ধূলি দি আল্লু অৰ্জুনে ৰঙা চন্দনৰ ব্যৱসায় কৰিছিল সেই কৌশল অৱলম্বন কৰিবলৈ গৈ মহাৰাষ্ট্ৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল ইয়াছিন ইনায়াতুল্লাহ নামৰ এজন যুৱক।
জানিব পৰা মতে, পেছাত এজন ড্ৰাইভাৰ যুৱকজনে এখন গাড়ীত প্ৰায় ২ কোটি ৪৫ লাখ টকা মূল্যৰ ৰঙা চন্দন তলত থৈ তাৰ ওপৰত ফলমূলৰ বাকচ ৰাখি কৰ্ণাটকৰ পৰা মহাৰাষ্টলৈ আনি থকা অৱস্থাত মহাৰাষ্ট্ৰ আৰক্ষীয়ে ছাংগ্লী সীমাত ধৰা পেলায়। বৰ্তমান চন্দনৰ ট্ৰাকসহ মহাৰাষ্ট্ৰ আৰক্ষীৰ জিম্মাত আছে ইয়াছিন ইনায়াতুল্লাহ। ।
উল্লেখ্য যে, এই ঘটনাই এতিয়া দেশজুৰি যথেষ্ট আমোদৰ সৃষ্টি কৰিছে। স্মাগলাৰ ইয়াছিনে হয়তো পাহৰি গৈছিল যে 'পুষ্পা' কেৱল তেওঁৱেই চোৱা নাই, আৰক্ষীৰ লোকেও উপভোগ কৰিছে! তেওঁ হয়টো ভাবিয়েই নাচালে যে, চিনেমাৰ কায়দাৰে অপৰাধ সংঘটিত কৰাটো চিনেমাতহে সম্ভৱ, বাস্তৱত আৰক্ষী অপৰাধীতকৈ দহগুণ সষ্টম। যাৰবাবে মহাৰাষ্ট্ৰ আৰক্ষীৰ হাতত অনায়াসে ধৰা পৰিল তেওঁ।