২৩ বছৰ বয়সত IPS, কোনো মডেলতকৈ কম নহয় ফিটনেছ, দুবাৰকৈ প্ৰত্যাখ্যান কৰিছে বিগবছৰ অ'ফাৰ



 চৰ্চাত থাকে মধ্যপ্ৰদেশৰ ভূপালৰ এচিপি শচীন অতুলকাৰ। ২০০৭ৰ আইপিএছ শচীন অতুলকাৰ আটাইতকৈ কম বয়সত নিযুক্তি লাভ কৰা আইপিএছ বিষয়া। মাত্ৰ ২৩ বছৰ বয়সতে তেওঁ উত্তীৰ্ণ হৈছিল UPSCপৰীক্ষাত। আৰক্ষী বিষয়া হোৱাৰ লগতে ফিটনেছকলৈ প্ৰায়ে চৰ্চাত থাকে শচীন অতুলকাৰ। শচীনৰ বডীৰ সন্মুখত বলীউদৰ ডাঙৰ ডাঙৰ তাৰকাও ফেইল!

ভূপালত আইপিএছ শচীন অতুলকাৰে ২৩ বছৰ বয়সতে UPSC পৰীক্ষাত উত্তীৰ্ণ হৈছিল। নিজৰ Batchৰ আটাইতকৈ কনিষ্ঠ আছিল। ট্ৰেইনিংৰ পিছত য'ত য'ত তেওঁৰ পোষ্টিং হৈছে, সেই ঠাইৰে য়ংগেষ্ট অফিচাৰ হিচাপে বিবেচিত হৈছে।

শচীন অতুলকাৰ শৰীৰ চৰ্চাৰ প্ৰতি সৰুৰে পৰা আগ্ৰহী। প্ৰায়ে নিজৰ ছচিয়েল মিডিয়া ছাইটৰ জৰিয়তে ফিটনেচ সম্বন্ধীয় পোষ্ট শ্বেয়াৰ কৰি থাকে।এতিয়ালৈকে বিবাহপাশত আবদ্ধ হোৱা নাই শচীন অতুলকাৰ। কিন্তু তেওঁৰ প্ৰতি যুৱতীসকল ইমানেই আকৰ্ষিত যে, বিয়াৰ বাবে ঘৰ পৰ্যন্ত ওলাইগৈ। ২০১৮ চনত পঞ্জাৱৰ এগৰাকী যুৱতীয়ে শচীন অতুলকাৰক বিয়াৰ প্ৰস্তাৱ দিবলৈ মধ্যপ্ৰদেশস্থিত বিষয়াজনৰ ঘৰত উপস্থিত হৈছিল।


শচীন অতুলকাৰে দুবাৰ বিগবছৰ প্ৰস্তাৱো লাভ কৰিছিল। কিন্তু দুয়োবাৰেই কামৰ বোজাৰ বাবে তেওঁ প্ৰত্যাখ্যান কৰিছে এই প্ৰস্তাৱ।

Post a Comment

Previous Post Next Post