Coronaত আক্ৰান্ত প্ৰয়োজক একতা কাপুৰ !

 


টিভি আৰু বলীউডৰ প্ৰযোজক একতা কাপুৰ কৰোনা ভাইৰাছৰ (Ekta Kapoor Corona Positive) দ্বাৰা সংক্ৰমিত হৈছে। কৰোনা প্ৰতিবেদন ইতিবাচক হোৱাৰ পিছত তেওঁ নিজকে ঘৰত quarantine কৰি লৈছে৷ তেওঁ তেওঁৰ সৈতে সম্পৰ্কত থকা সকলো লোকক কৰোনা পৰীক্ষা কৰাবলৈআহ্বান জনাইছে৷ তেওঁ তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি জনায়৷


একতা কাপুৰে (Ekta Kapoor Instagram) তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, "সকলো সাৱধানতা অৱলম্বন কৰাৰ পাছতো মই কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈ পৰিছো। মই ভালে আছোঁ আৰু মোৰ সংস্পৰ্শলৈ অহা সকলোলোকক তেওঁলোকৰ পৰীক্ষা সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো।"
উদ্যোগটোৰ লোকসকলে একতাৰ পোষ্টত মন্তব্য কৰিছে আৰু মন দৃঢ় কৰি ৰখাৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ভিতৰত আছে পৰিচালক হনসল মেহতা, বিক্ৰান্ত মেচি, আৰ্চালন গোনিকে ধৰি বহুতো চেলিব্ৰেটী।

Post a Comment

Previous Post Next Post