বলীউডৰ অভিনেতা ছলমান খানৰ (Salman Khan) পানভেল ফাৰ্মহাউছত (Salman Panvel Farmhouse) কবৰ দিয়া হৈছে বহু চলচ্চিত্ৰ অভিনেতাৰ দেহ! এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ছলমান খানৰ এগৰাকী প্ৰতিবেশীয়ে। এটা সাক্ষাৎকাৰত এনে অভিযোগ কৰিছিল প্ৰতিবেশীগৰাকীয়ে। ছলমানে অলপতে পানভেল ফাৰ্মহাউছৰ ওচৰৰ এডৰা ভূমিৰ গৰাকী কেতন কক্কৰৰ বিৰুদ্ধে মানহানিৰ গোচৰো ৰুজু কৰিছে। কেতন কক্কৰে মুম্বাইৰ এটা ইউটিউব চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত এনে অদ্ভুত অভিযোগ উত্থাপন কৰিছিল যে পানভেল ফাৰ্মহাউছত "চলচ্চিত্ৰ তাৰকাসকলৰ মৃতদেহ সমাধিস্থ কৰা হৈছে"।
বৃহস্পতিবাৰে ছলমান খানৰ অধিবক্তা প্ৰদীপ গান্ধীয়ে (Salman’s lawyer Pradeep Gandhi) এই গোচৰটোৰ অন্তিম শুনানিৰ সময়ত আদালতৰ সন্মুখত কেতন কক্কৰৰ (Ketan Kakkad) সাক্ষাৎকাৰৰ এটা গুৰুত্বপূৰ্ণ অংশ পঢ়ি শুনাইছিল। প্ৰদীপে কৈছিল যে কেতনে অভিনেতাজনৰ ওপৰত কোনো কাৰণ নোহোৱাকৈ তেওঁৰ ধৰ্মীয় পৰিচয়ক ভূমি বিবাদলৈ টানি নিয়াৰ দ্বাৰা শিশু সৰবৰাহৰ অভিযোগ উত্থাপন কৰিছে। কেতনে আনকি অভিযোগ কৰিছে যে বহুতো চলচ্চিত্ৰ তাৰকাক ছলমানৰ ফাৰ্মহাউছত সমাধিস্থ কৰা হৈছিল।
এই অভিযোগৰ সঁহাৰি দি ছলমান খানে তেওঁৰ উকীলৰ জৰিয়তে কয়, "সঠিক প্ৰমাণহীন এই অভিযোগবোৰ প্ৰকৃততে অভিযোগকাৰীৰ কল্পনা। আপুনি সম্পত্তিৰ বিবাদত মোৰ ব্যক্তিগত খ্যাতি কিয় হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে? আপুনি ধৰ্মক কিয় টানি আছে? মোৰ মা এগৰাকী হিন্দু, মোৰ দেউতা এজন মুছলমান আৰু মোৰ ভাতৃসকলে হিন্দুসকলক বিয়া কৰাইছে। আমি সকলো উৎসৱ উদযাপন কৰোঁ।"
আনহাতে, ছলমানৰ অভিযোগত আন দুটা নামো সাঙোৰ খাই আছে, যি বিতৰ্কিত সাক্ষাৎকাৰৰ অংশ আছিল। আনকি গুগল, ইউটিউব, ফেচবুক আৰু টুইটাৰৰ নামো এই গোচৰটোত উল্লেখ কৰা হৈছে, কিয়নো ছলমানে সকলো সামাজিক মাধ্যমৰ পৰা সাক্ষাৎকাৰটো আঁতৰ হোৱাটো বিচাৰে।
এই গোচৰত কক্কৰৰ উকীলে তেওঁলোকৰ মক্কেলৰ উত্তৰ দাখিল কৰিবলৈ পৰ্যাপ্ত সময়ৰ বাবে আবেদন জনাইছে।

Tags:
Entertainment