গাড়ীগাঁৱত ব্ৰহ্মপুত্ৰত ওপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত পুৰুষৰ মৃতদেহ



 গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, আজি বিয়লি গাড়ীগাঁৱৰ ফকীৰপাৰা অঞ্চলৰ একাংশ স্থানীয় লোকে ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ এজন পুৰুষৰ উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰে ( Body of unidentified man found floating in Brahmaputra)। মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতেই তেওঁলোকে ততাতৈয়াকৈ জালুকবাৰী আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হয়।


পৰৱৰ্তী সময়ত জালুকবাৰী আৰক্ষী চকীৰ (Jalukbari police station) দলটোৱে নদী আৰক্ষীৰ সৈতে যোগাযোগ কৰাত উক্ত স্থানত নদী আৰক্ষীৰ এটা দলো উপস্থিত হয়। নদী আৰক্ষীৰ দলটিয়ে ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (GMCH) লৈ প্ৰেৰণ কৰে।উল্লেখ্য যে, মৃতদেহটোৰ লগত কোনোধৰণৰ পৰিচয়পত্ৰ লাভ নকৰাত আৰক্ষীয়ে লোকজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই।
নদী আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি কাইলে GMCHত লোকজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব। মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে লোকজনৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিব। ইফালে, অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে।

Post a Comment

Previous Post Next Post