ৰাজ্যত হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ!

 


ৰাজ্যত যেন কিছু হ্ৰাস পাইছে কোৰোণাৰ সংক্ৰমণ। দেওবাৰৰ দিনটোত সৰ্বমুঠ ২২৭৭ জন লোক আক্ৰান্ত হ'ল কোৰোণা ভাইৰাছত। গুৱাহাটী মহানগৰীত ৭৭১জন লোকৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।

ইফালে আজিৰ দিনটোত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে ১৩ জনকৈ লোকে। দেওবাৰে মুঠতে ১৮,১১৭ জন লোকৰ কোৰোণা পৰীক্ষা কৰোৱা হৈছিল। বৰ্তমান ৰাজ্যত কোৰোণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ ৯২.৫৭ শতাংশ।

Post a Comment

Previous Post Next Post