সন্তানৰ সৈতে মাতৃৰ সম্পৰ্কক ভাষাৰে বুজাব নোৱাৰি। জন্মৰ ৯ মাহ আগৰ পৰা স্থাপিত এই সম্পৰ্ক পৃথিৱীৰ সবোতোকৈ মজবুত আৰু মহান সম্পৰ্ক ৰূপে আখ্যা দিয়া হয়। সৰ্বোচ্চ আবেগ-মৰমৰ এই সম্পৰ্কৰ মাজত সেয়ে সংঘটিত কোনো অঘটন সদায়ে মৰ্মান্তিক হয়। এগৰাকী মাতৃ শেহতীয়াকৈ এটা বাতৰি শিৰোনামলৈ আহিছে যি নিজৰ পুত্ৰৰ মৃত্যুৰ ১৫ বছৰ পিছতো সন্তানক বিচ্ছেদ কৰিব নুখুজি পুত্ৰৰ অন্তিম সংস্কাৰ হোৱা ঠাইতে বাস কৰি আহিছে (Mother stays in crematorium)।
ৰাজ কানৱাৰৰ সকলো শেষ কৰা এটা দিন
ঘটনাটো ৰাজস্থানৰ চিকৰৰ Sikar in Rajasthan)। মাতৃ মহিলাগৰাকীৰ নাম ৰাজ কানৱাৰ। মুম্বাইত স্বামীৰ মৃত্যু হোৱাৰ পিছত তেওঁ শহুৰেকৰ ঘৰ এৰিছিল। লগত আছিল একমাত্ৰ পুত্ৰ। পুত্ৰ ডাঙৰ হোৱাৰ পিছত এখন ইলেকট্ৰনিক্সৰ দোকানত কামত সোমাইছিল। সকলো ঠিকে চলি আছিল যদিও এদিন মাতৃলৈ খবৰ আহিছিল যে বাইক দুৰ্ঘটনাত পুত্ৰ ইন্দৰ সিঙৰ মৃত্যু হৈছে। মাতৃৰ জীৱনৰ সুখ ২০০৮ চনৰ ৩ ডিচেম্বৰত সংঘটিত দুৰ্ঘটনাটোৱে কাঢ়ি লৈ গৈছিল (Son Died in a accident)।
মাতৃৰ দাবী তেওঁৰ পুত্ৰৰ দুৰ্ঘটনাত নহয় হত্যাৰ বলি হৈছিল
ৰাজ কানৱাৰে কয়- ''মোক মোৰ পুত্ৰৰ মুখখন চিকিৎসালয়ত চাবলৈও অনুমতি দিয়া হোৱা নাছিল। মানুহে কয় যে তেওঁ মালিকৰ সৈতে লাগেজ লৈ আছিল, তাৰ পিছত বাইকৰ পৰা পৰি গৈছিল। কিন্তু মই জানো, তেওঁ পৰি যোৱা নাছিল, তেওঁক হত্যা কৰা হৈছিল। শেষবাৰৰ বাবে মই চিকিৎসালয়ত মোৰ পুত্ৰৰ মুখো দেখা নাছিলো। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মতে তেওঁৰ শৰীৰত চাৰে চাৰি ইঞ্চি গভীৰ আঘাত আছিল। চিকিৎসকজনে কৈছিল যে তেওঁ প্ৰায় ৮ ঘণ্টা জীয়াই আছিল।''

ৰাজস্থানৰ চিকৰৰ ধৰ্মনা মোক্ষধাম শ্মশানত পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। আৰু সেইদিন ধৰি মাতৃ কানৱাৰে শ্মশান নেৰিলে। তাতে থাকি শ্মশানলৈ অহা মানুহৰ সেৱা কৰি, শ্মশানখন চাফ-চিকুণ কৰি তেওঁ থাকি গ'ল ১৫ বছৰ। আজি ৬৫ বছৰীয়া ৰাজ কানৱাৰ এতিয়া উক্ত শ্মশানৰ এটা পৰিচিত নাম (Mother stays in crematorium for 15 years)।
পুত্ৰৰ শেষ যাত্ৰাৰ স্থান তেওঁ এৰিব নিবিচাৰে, তেওঁৰ মতে পুত্ৰ নাথাকিলেও শ্মশানখনেই পুত্ৰৰ এখন ঘৰৰ দৰে ভাবি তেওঁ তাত জীৱন চলাই নিছে। অতি হৃদয়বিদাৰক কথা যে পুত্ৰক নিজ হাতে অন্তেষ্টিক্ৰিয়া কৰা ৰাজ কানৱাৰে আজিও সাঁচি ৰাখিছে তাৰ স্মৃতি। কোনো লোকে এই বিষয়ে জানিব খুজিলে তেওঁ উলিয়াই দেখুৱাই পেপাৰ কাটিং কৰি থোৱা পুত্ৰৰ শেষ যাত্ৰাৰ ছবি। ইয়াৰ লগতে তেওঁ কৌতূহলী লোকসকলক অন্ত্যেষ্টিক্ৰিয়াস্থলীলৈ লৈ গৈ কয়- ইয়াতেই মোৰ পুত্ৰ শুই আছে... মোৰ ইন্দৰ!