'মৰি থাকিম এতিয়া, এৰি দিয়ক...'



 কোৰোণাৰ তৃতীয় ঢৌ এতিয়া পিকত আছে। পিজিটিভ ৰোগীৰ সংখ্যা একেৰাহে বাঢ়ি আছে। এনে সমতে উত্তৰ প্ৰদেশৰ দেৱৰিয়া জিলা প্ৰশাসনৰ দ্বাৰা ১০০ শতাংশ ভেকচিনেশ্যনৰ নিৰ্দেশ দিয়া হৈছে।


এনে নিৰ্দেশ অনুসৰি স্বাস্থ্য বিভাগৰ টিম ভেকচিনেশ্যনৰ বাবে ৰুদ্ৰপুৰ তহচীলৰ জংঘল অকটহা গাঁৱত উপস্থিত হৈছিল। আৰু দলটোক দেখি খেতিপথাৰত থকা এজন যুৱকে পলাবলৈ আৰম্ভ কৰে।

কিন্তু তেতিয়াই স্বাস্থ্য বিভাগৰ দলটোৱে ধৰি বান্ধি ভেকচিন দিয়ে যুৱকজনক। আনফালে যুৱকজনে চিঢৰিবলৈ আৰম্ভ কৰে- 'মৰি থাকিম এতিয়া, এৰি দিয়ক', এই ঘটনাক্ৰম এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

পিছত যুৱকজনে কৈছে যে, মোৰ বেজী দেখিলেই ভয় লাগে। ১০ বছৰৰ পিছত মই এনেকৈ বেজী লৈছো। মোক বহুলোকে ধৰে, আৰু তাৰ পিছত বেজী দিয়ে। এতিয়া মই ঠিকেই আছো।

Post a Comment

Previous Post Next Post