দেশত ১২৭০লৈ বৃদ্ধি অমিক্ৰণত আক্ৰান্তৰ সংখ্যা, এদিনতে কোৰোণাত আক্ৰান্ত ১৬,৭৬৪ জন


 

দেশত আকৌ বাঢ়িছে কোৰোণাৰস গ্ৰাফ। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোণাত আক্ৰান্ত হ'ল ১৬,৭৬৪ জন লোক। যি সংখ্যা যোৱা ৬৪ দিনৰ ভিতৰতে সৰ্বাধিক। সেইদৰে শুকুৰবাৰে নতুন ভেৰিয়েণ্ট অমিক্ৰণত আক্ৰান্ত হৈছে ৩০৯ জন লোক। ইয়াৰ লগে লগে দেশত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৩০০লৈ।


মহাৰাষ্ট্ৰত ধৰা পৰিছে অমিক্ৰণত আক্ৰান্ত সৰ্বাধিক ৰোগী। ৰাজ্যখনত ৪৫০ জন ৰোগী ধৰা পৰাৰ বিপৰীতে দিল্লী, কেৰালা আৰু গুজৰাটত ক্ৰমে ৩২০,১০৯ আৰু ৯৭ জন লোকৰ দেহত ধৰা পৰিছে অমিক্ৰণৰ অৱস্থিতি।


যদিও অমিক্ৰণৰ সংক্ৰমণেই এতিয়া সকলোৰে চিন্তাৰ বিষয় তথাপি কোৰোণাৰ ডেল্টা ভেৰিয়েণ্টৰ প্ৰকোপ কমা নাই বুলি সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই। WHOৰ মতে এইবাৰ অমিক্ৰণ আৰু ডেল্টা ভেৰিয়েণ্টে একেলগে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।

WHOৱে ডেল্টা আৰু অমিক্ৰণক টুইন থ্ৰেট আখ্যা দিছে আৰু কৈছে যে এই দুয়োটাই অধিক সংক্ৰমণ, হস্পিটেলাইজেচন আৰু মৃত্যুৰ কাৰণ হ'ব পাৰে। WHOৰ তথ্য মতে বিগত এক সপ্তাহত সমগ্ৰ বিশ্বত কোৰোণাৰ সংক্ৰমণ ১১ শতাংশ বৃদ্ধই পাইছে।

Post a Comment

Previous Post Next Post