৩০ জানুৱাৰীৰ পিছত বিদ্যালয় খোলাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, "স্কুল-কলেজ লাহে লাহে খুলিম। যদি কৰবাত বেছি হয়, তেতিয়া আমি কিছু কঠোৰ ব্যৱস্থা লম।"
আমি কোভিডৰ SOP লাহে লহাে শিথিল কৰিম বুলি মন্তব্য কৰি একে সময়তে নৈশ সান্ধ্য আইনৰ সময় ১ ফেব্ৰুৱাৰীৰ পৰা নিশা ১১ বজাৰ পৰা হ'ব বুলিও জনায় মুখ্যমন্ত্ৰী শৰ্মাই।
আনহাতে অমিক্ৰণৰ ক্ষেত্ৰত ৭ দিন হোম কোৱাৰিণ্টাইন হ'লেই হ'ল বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ৷