কেনেকৈ প্ৰেমকাহিনী আৰম্ভ হ’ল বিকি–কেটৰিনাৰ?



 অৱশেষত প্ৰতীক্ষাৰ অন্ত! আজিয়ে বিবাহপাশত আৱদ্ধ হৈছে বলিউডৰ বহুচৰ্চিত যুটি বিকি কৌশল আৰু কেটৰিণা কাইফ (Vicky Kaushal Katrina Kaif Wedding)! এইখিনিতে হয়তো বহুতৰে মনত কৌতুহল সৃষ্টি হৈছে যে কেনেকৈ আৰম্ভ হ’ল দুয়োৰে সম্পৰ্কৰ। কেনেকৈ ইমান ওচৰলৈ আহিল দুয়ো? দুয়ো কাহানিও একেলগে কেতিয়াও কোনো চিনেমা কৰা নাই। কেটৰিণাৰ তুলনাত বিকি কৌশল বলিউডত নৱাগত। বিকি–কেটৰিণা দুয়ো ইমান বেছিকৈ পাৰ্টিত ঘূৰি ফুৰা বিধৰো নহয়! কৰীণা, কৰিশ্মা, মালাইকা, অমৃতা অৰোৰা, কৰণ জোহৰ আদিয়ে যেনেকৈ পাৰ্টিতে মচগুল গৈ থাকে অথবা বন্ধু–বান্ধৱৰ সৈতে মিলা–মিচা কৰি থাকে বিকি আৰু কেট সেই পাৰ্টিত নায়েই। তেনেহ’লে কেনেকৈ হ’ল দুয়োৰে প্রেম (Vicky Kaushal Katrina Kaif Wedding)?


তেনেহ’লে আৰম্ভনিৰ পৰাই জানক! বিকি-কেটৰ প্ৰেমকাহিনীৰ উৎস কৰণ জোহৰৰ টক শ্ব' 'কফি উইথ কৰণ'! নিবিচৰাকৈ কৰণ জোহৰেই দুয়োৰে ঘটকৰ কাম কৰিছিল! বিকি কৌশল আৰু আয়ুষ্মান খুৰানা এটা খণ্ডত অতিথি আছিল। কৰণে ৰেপিড ফায়াৰ ৰাউণ্ডত বিকিক কৈছিল যে কেটৰিনাই এবাৰ তেওঁক কৈছিল যে তেওঁ বিকি কৌশলৰ সৈতে কাম কৰিব বিচাৰে। তেওঁ নিজেও ভাবে যে দুয়োকে একেলগে খুব ভাল লাগিব! কেটৰিণা কাইফে এনেকৈ প্ৰশংসা কৰাৰ কাৰণে আনন্দত নৱাগত বিকি কৌশল প্ৰায় অচেতন হৈ পৰাৰ দৰে হৈছিল। (How Vicky Kaushal and Katrina Kaif Love story started?)

ইয়াৰ পিছত বিকি আৰু কেটৰিণাই 'টেপকাষ্ট' নামৰ এটা টক শ্ব'ত একেলগে আহিছিল। অনুষ্ঠানটোত কোনো হোষ্ট নাছিল। প্ৰশ্ন এটা টেপত চলি আছিল। বিকি আৰু কেটৰিণাই ইমান দীঘলীয়া সময়ধৰি প্ৰথমবাৰৰ বাবে কথা পাতিছিল। বিকিয়ে কেটক সুধিছিল, ''আমাৰ প্ৰথম কথোপকথন টো ৰেকৰ্ড কৰা হ'ব বুলি আপুনি ভাবিছিলনে?" কেটৰিণাই ক'লে, ''নাই"! তেওঁ লগতে কৈছিল, ''তেতিয়াৰ পৰা, অন ৰেকৰ্ডত কাৰোবাৰ সৈতে কথা পাতিবলৈ যাওঁতে তেওঁ দুবাৰ ভাবিব!"

সেইয়াই সূত্ৰপাত! বিকি-কেটে তেতিয়াৰ পৰা মাজে মাজে লগ পোৱা আৰম্ভ কৰিছিল! লাহে লাহে বন্ধুত্ব নিবিড় হ'ল আৰু তাৰ পিছত প্ৰেমৰ ৰে’ল চলিবলৈ ধৰিলে! বিকি-কেটে পিচে বেছিদিন নিজৰ সম্পৰ্ক লুকুৱাব নোৱাৰিলে! বিকি ২০১৯ চনত এটা বঁটা প্ৰদান অনুষ্ঠানৰ এংকৰ আছিল আৰু উপস্থিত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত 'উৰি' তাৰকাগৰাকীয়ে কেটৰিণাক প্ৰপ’জ দিছিল। ধেমালিৰ সুৰতে বিকিয়ে কেটৰিণাক সুধিছিল 'আপুনি বিকি কৌশালৰ দৰে ভাল ল’ৰা কিয় বিচাৰি নাপায় আৰু বিয়াত নবহে? এতিয়া বিয়াৰ বতৰ চলি আছে, মই ভাবিছিলো আপুনিও বিয়াত বহিবলৈ বিচাৰিব পাৰে।' ইয়াৰ পিচতে বাজিছিল চলমান খানৰ গান 'মুঝছে শাদী কৰোগে'! কপিল শৰ্মাৰ অনুষ্ঠানলৈ অহাৰ পিছতো বিকি কৌশলে কেটৰিণাৰ সৈতে থকা সম্পৰ্কৰ ইংগিত দিছিল! কিন্তু বিকি বা কেটে কেতিয়াও তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱাভাৱে মুকলি কৰা নাই। আনকি বিয়াৰ দিনলৈকে দুয়ো মুখ ফুটাই একো নক’লে!

Post a Comment

Previous Post Next Post