''বিটিআৰৰ ৰাজনীতিত হাগ্ৰামাই আৰু 'কাম বেক' কৰিব নোৱাৰে''- প্ৰমোদ বড়ো


 

বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ দলীয় নেতা-কৰ্মীয়ে বিগত কিছুদিন ধৰি একেৰাহে ইউপিপিএল দল বিশেষকৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে সভাই-সমিতিয়ে অনা অভিযোগপূৰ্ণ  মন্তব্যৰ প্ৰত্যুত্তৰ দিছে প্ৰমোদ বড়োৱে৷


আজি কোকৰাঝাৰত সাংবাদিকৰ আগত বড়োৱে কয় যে এনডিএফবিৰ কথা বাদ দিয়ক, হাগ্ৰামাই বিএলটিৰ বাবেও একো কাম  কৰা নাছিল ৷বৰঞ্চ এনডিএফবিক ধ্বংস কৰিব বিচাৰিছিল৷ বেমাৰত পৰি থকা, দিন হাজিৰা কৰি খোৱা এনডিএফবিৰ খবৰ কেতিয়াবা লৈছিলনে হাগ্ৰামাই বুলি প্ৰশ্ন কৰে প্ৰমোদ বড়োৱে।


 তেওঁ কয় যে ৰাজনীতিৰ নামত ৰাজনীতি কৰিলেই নহ'ব৷ ৰাজনীতি কৰিলে মূল্যবোধৰ ৰাজনীতি আৰু গঠনমূলক ৰাজনীতি কৰক৷ বড়োৱে উল্লেখ কৰে যে হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত আৰু কোনোদিনে 'কাম বেক' হ'ব নোৱাৰে।


আনহাতে,  বড়োসকলৰ সংগ্ৰাম অসমৰ বিভিন্ন জনগোষ্ঠীসকলৰ ভিতৰত এটা লেখত ল'বলগীয়া সংগ্ৰাম বুলি অভিহিত কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। আজি পূৰ্বৰ এনডিএফবিৰ কেডাৰসকলৰ পুনৰ সংস্থাপনৰ বাবে অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত আয়োজিত চাৰি লাখ টকাৰ চেক প্ৰদান কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ ভাষণত বড়োৱে উক্ত মন্তব্য কৰে৷

Post a Comment

Previous Post Next Post