পঞ্জাবৰ লুধিয়ানা আদালত চৌহদত ভয়ংকৰ বিস্ফোৰণ (Ludhiana Court Blast)। বিস্ফোৰণত আদালত কমপ্লেক্সৰ তৃতীয় মহলাত সংঘটিত হয় (Blast in Ludhiana)। বিস্ফোৰণৰ পিছত আদালত চৌহদত (Ludhiana district court complex) হাহাকাৰ পৰিৱেশে বিৰাজ কৰে।
এই ঘটনাত দুজন লোকৰ মৃত্যুৰ হোৱাৰ লগতে কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে (Ludhiana news)। বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে আদালত চৌহদত খিৰিকী ভাঙি চূৰমাৰ হয়। বিল্ডিঙৰ বাথৰুমত এই বোমা স্থাপন কৰা হৈছিল। আদালত (Ludhiana district court) আজি ভিৰ কম আছিল কাৰণ আজি অধিবক্তাসকলৰ কৰ্মবিৰতি আছিল।
বিস্ফোৰণৰ পিছতে উচ্চপদস্থ বিষয়াসহ আৰক্ষীৰ দল উপস্থিত হয় ঘটনাস্থলীত (Ludhiana latest news)। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। জানিব পৰা মতে, কিছু সময় পিছতে মুখ্যমন্ত্ৰী চৰণজিত সিং ছান্নী ঘটনাস্থলীলৈ ৰাওনা হ’ব। ঘটনাস্থলীত তদন্তৰ বাবে ৰাওনা হৈছে এনআইএ–এনএছজিৰ দল। অৱশ্যে এয়া কিহৰ বিস্ফোৰণ সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই।
Tags:
National