মহাৰাষ্ট্ৰ (Maharashtra)ৰ ঔৰংগাবাদ (Aurangabad)ত এক গাৰ নোম শিয়ৰি উঠা ঘটনা পোহৰলৈ আহিছে। নিজৰ পৰিয়ালৰ বিৰুদ্ধে গৈ বিয়াত বহাৰ বাবে এগৰাকী ১৯ বছৰীয়া যুৱতীক হত্যা কৰা হৈছে। যুৱতীগৰাকীৰ ভাতৃ আৰু মাতৃয়ে সংঘটিত কৰে এই লোমহৰ্ষক হত্যাকাণ্ড। ১৯ বছৰীয়া কীৰ্তি থোৰেই কিছুদিন পূৰ্বে নিজৰ পৰিয়ালৰ বিৰোধিতা কৰি বিয়াত বহিছিল। বিয়াৰ পিছত কীৰ্তিৰ জীৱনত সকলো ঠিকেই চলি আছিল। কিন্তু দেওবাৰে কীৰ্তিৰ স্বামীগৃহলৈ মাতৃ আৰু ভাতৃ আহে।
মাক আৰু ভায়েকে প্ৰথমে কয় যে তেওঁলোকে সকলো পাহৰি তেওঁলোকক আদৰি ল’ব বিচাৰে। সেই আনন্দতে কীৰ্তিয়ে মাক আৰু ভায়েকৰ বাবে পাকঘৰত কিবা বনাবলৈ গ’ল। কিন্তু সেই সময়তে কীৰ্তিৰ ভাতৃয়ে চোকা অস্ক্ৰৰে ভগ্নীৰ ওপৰত আক্ৰমণ কৰি শিৰচ্ছেদ কৰে। এই হত্যাকাণ্ডত কীৰ্তিৰ মাতৃয়ে সম্পূৰ্ণ সহযোগ কৰে। ভাতৃয়ে কীৰ্তিৰ শিৰচ্ছেদ কৰি ছিন্ন মুণ্ড হাতত লৈ ঘৰৰ বাহিৰলৈ আহি সকলোকে দেখুৱায়।
কোৱা হৈছে যে পিছত অভিযুক্তই নিজৰ ভগ্নীৰ ছিন্ন মুণ্ড ঘৰৰ বাহিৰত ৰাখে আৰু আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। অভিযুক্ত ভাতৃয়ে ভগ্নীৰ ছিন্ন মুণ্ডৰ সৈতে ছেলফীও লয়। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ লগতে কীৰ্তিৰ মাতৃকো গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে সংঘটিত হয় এই লোমহৰ্ষক ঘটনাটো।