আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ ডিয়াগো মাৰাডোনাৰ ঘড়ী চোৰ কৰা কোন এইজন ৱাজিদ হুছেইন? শনিবাৰে শিৱসাগৰ আৰক্ষীৰ জালত পৰিল ৱাজিদ হুছেইন। জানিব পৰা মতে, ডুবাইত কৰ্মৰত থকা অৱস্থাত মাৰাডোনাৰ ঘড়ী চোৰ কৰিছিল ৱাজিদে।
উল্লেখ্য যে, ডুবাইত সংৰক্ষণ কৰি থোৱা আছিল মাৰাডোনাই পৰিধান কৰা ঘড়ীটো। বিশ্বৰ খুব কম সংখ্যক লোকৰ ওচৰতহে আছে এনে দমী ঘড়ী। আৰু এনে ঘড়ী চোৰ কৰি অসমলৈ পলাই আহিছিল ৱাজিদ। শনিবাৰে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৱাজিদক।ডুবাইৰ আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰি অসম আৰক্ষীয়ে উদ্ধাৰ কৰে মাৰাডোনাৰ ঘড়ীটো। শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে অৱগত কৰে এই কথা।
শনিবাৰে শিৱসাগৰ আৰক্ষীয়ে পুৱা ৪ বজাতে নিজা বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে ৱাজিদ হুছেইনক। এই কথা জানিবলৈ দিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।